⏩আজি বছৰৰ আটাইতকৈ দীঘল দিন।
⏩আজি বিশ্ব সংগীত দিৱস।
⏩আজি আন্তৰ্জাতিক যোগ দিৱস
⏩১৭৫৬ চনত ব্ৰিটিছ সেনাৰ কমাণ্ডাৰ হলৱেলৰ ছিৰাজোদ্দৌল্লাৰ ওচৰত আত্মসমর্পণ। সেইদিনাই ৰাতি ১২৩জন ব্রিটিছ যুদ্ধবন্ধী অন্ধকূপত নিহত হয়।
⏩১৯০৫ চনত ফৰাচী লেখক, দার্শনিক জাঁ পল ছাত্ৰেৰ জন্ম। ১৯৬৪ চনত ছাত্রেলৈ নোবেল বঁটা আগবঢ়োৱা হৈছিল যদিও তেওঁ সেই বঁটা প্রত্যাখ্যান কৰে।
⏩১৯৩২ চনত ভাৰতীয় অভিনেত্ৰী নিগাৰ চুলতানাৰ জন্ম।
⏩১৯৪৮ চনত চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ ভাৰতৰ গৱৰ্নৰ জেনেৰেলৰূপে কাৰ্যভাৰ গ্ৰহণ। ৰাজা গোপালাচাৰী আছিল প্রথম তথা একমাত্র ভাৰতীয় গৱৰ্নৰ জেনেৰেল।
⏩১৯৯০ চনত ইৰানত প্রবল ভূমিকম্প, প্রায় ৪০,০০০ লোকৰ মৃত্যু।
⏩১৯৯১ চনত বার্লিন সংযুক্ত জার্মানীৰ নতুন ৰাজধানী।
* ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী ৰূপে পি ভি নৰসিংহ ৰাওৰ (সম্পূর্ণ নাম পামুলাপার্টি ভেংকট নৰসিংহ ৰাও) কাৰ্যভাৰ গ্রহণ। ১৯৯৬ চনৰ ২৬ মে’লৈকে তেওঁ ভাৰতৰ প্ৰধান মন্ত্রী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
⏩১৯৯৯ চনত শিক্ষাবিদ, প্রাক্তন সাংসদ পৰাগধৰ চলিহাৰ মৃত্যু।
⏩২০০১ চনত নতুন সহস্রাব্দৰ প্ৰথমটো সূর্যগ্রহণ, এংগোলাৰ পৰা দৃশ্যমান।
⏩২০০৪ গুৱাহাটীত অনলাইন চাহ নিলাম আৰম্ভ।