আজি ২৪ জানুৱাৰী

১৫৫৬ চনত চীনত প্রবল ভূমিকম্প। প্রায় আঠ লাখ ত্ৰিছ হাজাৰ লোকৰ মৃত্যু

🔵১৫৫৬ চনত চীনত প্রবল ভূমিকম্প। প্রায় আঠ লাখ ত্ৰিছ হাজাৰ লোকৰ মৃত্যু।

🔵১৭১২  চনত  প্ৰুছিয়াৰ ৰজা ‘ফ্রেডেৰিক দি গ্রেট’ৰ (দ্বিতীয় ফ্রেডেৰিক ) জন্ম।

🔵১৯৫০ চনত ‘জন-গণ-মন’ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে (National Anthem) স্বীকৃতিএকেদৰে ‘বন্দে মাতৰম’ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ (National Song) সমমর্যাদাসম্পন্ন গীত ৰূপে স্বীকৃতি দিয়া হয়।

🔵১৯৫১ চনত ভাৰতৰ প্ৰথমগৰাকী মহিলা পাইলট ৰূপে প্রেম মাথুৰৰ কাৰ্যভাৰ গ্ৰহণ।

🔵১৯৫২ চনত মুম্বাইত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ।

🔵১৯৫৪ চনত সাহিত্যিক কালিৰাম মেধিৰ মৃত্যু।

🔵১৯৬৫ চনত প্রাক্তন ব্রিটিছ প্রধান মন্ত্রী, ৰাজনীতিবিদ, সাহিত্যিক ছাৰ উইনস্টন চার্চিলৰ (সম্পূর্ণ নাম উইনস্টন লিঅ’নার্ড স্পেন্সাৰ চার্চিল) মৃত্যু। দুবাৰকৈ ইংলেণ্ডৰ প্ৰধান মন্ত্রী পদত অধিষ্ঠিত হোৱাৰ উপৰি ১৯৫৩ চনত চার্চিলে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।

🔵১৯৬৬ চনত ইন্দিৰা গান্ধী প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্রী।(প্রথমটো কার্যকালত ইন্দিৰা গান্ধীয়ে ১৯৭৭ চনৰ ২৪ মার্চলৈকে প্রধান মন্ত্রী ৰূপে কার্যনির্বাহ কৰে। ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্রধান মন্ত্রী।)

🔵১৯৭৩ চনত লো আৰু তীখা শিল্পৰ সামগ্রিক উন্নয়নৰ বাবে ‘ষ্টীল অথৰিটী অব্ ইণ্ডিয়া লিমিটেড’, সংক্ষেপে ‘ছেইল’ (SAIL) প্রতিষ্ঠা।

🔵২০০১ চনত লতা মংগেশকাৰ আৰু বিছমিল্লা খানলৈ ভাৰতৰত্ন সন্মান।

🔵২০০৪ চনত লোকসভা নির্বাচনত কংগ্রেছক সমর্থন জনোৱাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয়তাবাদী কংগ্রেছ দল দ্বি-বিভক্ত।

You might also like
Leave A Reply

Your email address will not be published.