২৯ জুলাই
১৫০৬ চনত পৃথিৱীৰ প্ৰথম গোলক (globe) নিৰ্মাতা জাৰ্মানীৰ মাৰ্টিন বেহাইমৰ মৃত্যু ।
১৮৯০ চনত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ আত্মহত্য়া ।
১৮৯১ চনত সমাজ সংস্কাৰক, শিক্ষাবিদ ঈশ্ৱৰচন্দ্ৰ বিদ্যাসাগৰৰ মৃত্যু ।
১৯৩৯ চনত ডিব্ৰুগড়ৰ সাদিনীয়া সংবাদ- পত্ৰ ‘তৰুণ অসম’ৰ প্ৰকাশ । সম্পাদক: বেণুধৰ শৰ্মা ।
১৯৪৮ চনত লণ্ডনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ । এই সমাৰোহ ১৪ আগষ্টলৈকে চলে ।
১৯৮৬ স্ৱাধীনতা সংগ্ৰামী অৰুণা আছফ আলীৰ মৃত্যু ।
১৯০৫ চনত টাটা শিল্পগোষ্ঠীৰ প্ৰধান জে আৰ দি টাটাৰ পেৰিছত জন্ম ।
১৯৫৭ চনত আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থা স্থাপন।
১৯৮৩ বিশ্ৱবিশ্ৰুত চলচ্চিত্ৰকাৰ লুই বুনুৱেলৰ ৮৩ বছৰ বয়সত মৃত্যু ।
১৭৪৮ চনত ফ্ৰান্সৰ বিৰুদ্ধে সংঘটিত যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় কৰাৰ অৰ্থে প্ৰথমটো ব্ৰিটিছ সেনাদল উপস্থিত ।
১৯৮০ চনত মস্কো অলিম্পিকৰ হকীত ভাৰতৰ সোনৰ পজক লাভ ।
১৯৮৩ চনত পাইলটবিহীন প্ৰথমখন উৰাজাহাজ ‘মিনি’ৰ সফল পৰীক্ষা ।
১৮৭৬ চনত ভাৰতৰ বিজ্ঞান সংস্থা গঠন ।
১৯৯০ চনত নিৰ্মল ৰায়ৰ নেতৃত্ৱত কোকৰাঝাৰত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সংন্থাৰ জন্ম ।