আজি ১২ ছেপ্টেম্বৰ

১৩৯৮ তুর্কী অভিযানকাৰী টাইমুৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল, সমগ্ৰ উত্তৰ ভাৰতত লুণ্ঠন।

১৭৮৬ লর্ড কর্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল।

১৮৯৪ প্রসিদ্ধ বাংলা সাহ্যিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ জন্ম। ‘পথেৰ পাঁচালি’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।

১৮৯৭ ফৰাচী বিজ্ঞানী ইৰেন জোলিঅ’ কুৰীৰ জন্ম। ১৯৩৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। উল্লেখ্য যে ইৰেনৰ পিতৃ-মাতৃ পীয়েৰ আৰু মেৰী কুৰীয়েও নোবেল বঁটা লাভ কৰিছিল।

১৯৫৯ চন্দ্ৰলৈ ৰাছিয়াৰ প্ৰথম মহাকাশযান উৎক্ষেপণ। ১৯৭০ চন্দ্ৰ অভিমুখে ৰাছিয়াৰ অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ। ইতিহাসত প্ৰথমবাৰৰ বাবে এখন স্বয়ংক্রিয় যানে চন্দ্ৰত সফল অৱতৰণ কৰে। যানখনে চন্দ্রশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়িয়ায়।

২০০১ ৱৰ্ল্ড ট্রেড চেণ্টাৰ আৰু পেন্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.