আজি ২৩ জুলাই

➡️১৮৫৬ স্বাধীনতা সংগ্রামী বাল গংগাধৰ তিলকৰ জন্ম। ‘স্বৰাজ মোৰ জন্মস্বত্ব’ শীর্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।

➡️১৮৭৫ ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰা আইজাক মেৰিট ছিংগাৰৰ মৃত্যু।

➡️১৮৯৮ প্রসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম।

➡️১৯০৬ ভাৰতৰ বিপ্লৱী, স্বাধীনতা সংগ্রামী চন্দ্ৰশেখৰ আজাদৰ জন্ম।

➡️১৯১৬ ইংৰাজ বিজ্ঞানী ছাৰ উইলিয়াম ৰেমছেৰ মৃত্যু। তেওঁ ১৯০৪ চনত ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯২৭ মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ। বেচৰকাৰী খণ্ডত প্রতিষ্ঠিত এই কেন্দ্ৰ পৰিচালনা কৰা কোম্পানীটোৰ নাম আছিল ‘ইণ্ডিয়ান ব্রডকাষ্টিং কর্পোৰেচন’।

➡️১৯৩৪ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ভাৰতৰ কমিউনিষ্ট পার্টীক বেআইনী ঘোষণা।

➡️১৯৯৪ সাহিত্যিক, অসম সাহিত্য সভাৰ সভাপতি লীলা গগৈৰ মৃত্যু।

➡️২০০১ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ৰূপে মেগাৱতী সুকর্ণপুত্রী বিজয়ী।

➡️২০০৩ ইৰাকত মার্কিন সেনাৰ আক্ৰমণত ছাদ্দাম হুছেইনৰ দুই পুত্ৰ উদয় আৰু কুছেৰ নিহত।

➡️২০০৪ হিন্দী চলচ্চিত্ৰৰ জনপ্রিয় কৌতুক অভিনেতা মেহমুদৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.