আজি ২৪ জুলাই

ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।

➡️১৯৯৭ বিশিষ্ট বাংলা সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমণ মেগছেছে বঁটা ঘোষণা।

➡️১৯৯৭ প্রাক্তন প্রধান মন্ত্ৰী (ভাৰপ্ৰাপ্ত) গুলজাৰিলাল নন্দ আৰু অৰুণা আছফ আলীলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা।

➡️১৯৮৯ ব’ফৰ্ছ কামান চুক্তি সম্পৰ্কত কম্পট্রোলাৰ এণ্ড অডিটৰ জেনেৰেলৰ প্ৰতিবেদনৰ প্ৰতিবাদত লোকসভাৰ অধিকাংশ বিৰোধী সদস্যৰ পদত্যাগ, পদত্যাগ-পত্র গ্রহণ।

➡️১৮০২ ফৰাচী ঔপন্যাসিক, নাট্যকাৰ আলেকজেণ্ডাৰ ডুমাৰ জন্ম।

➡️১৮৫৭ ডেনমার্কৰ সাহিত্যিক হেনৰিক পোন্টোপিডানৰ জন্ম। ১৯১৭ চনত তেওঁ যুটীয়াভাৱে লাভ কৰে সাহিত্যৰ নোবেল বঁটা।

➡️১৮৯৭ প্রখ্যাত মহিলা বৈমানিক আমেলিয়া ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম। ১৯৩২ চনত তেওঁ প্রথম অকলে উৰাজাহাজ চলাই আহ্লান্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।

➡️১৯৮০ বাংলা ছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰৰ (চট্টোপাধ্যায়) মৃত্যু।

➡️ ১৯৮৩ প্রখ্যাত হিন্দী কবি মহাদেৱী বৰ্মালৈ ভাৰতীয় জ্ঞানপীঠ বঁটা।

You might also like
Leave A Reply

Your email address will not be published.