গুৱাহাটী, ১৩ আগষ্টঃ হাইলাকান্দিত ১৫ বছৰীয়া কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰা ঘটনাৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে ফাষ্ট-ট্ৰেক আদালতত বিচাৰ চলাই দোষী সাব্যস্ত হ’লে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে চাৰিটা মহিলা সংগঠনে। অসম মহিলা সংঘ, প্ৰগতিশীল নাৰী সংস্থা, অল ইণ্ডিয়া ডেম’ক্ৰেটিক উইমেনছ এছ’চিয়েচন (AIDWA) আৰু নৰ্থ ইষ্ট নেটৱৰ্কে বুধবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সংগঠনকেইটাই ১ আগষ্টৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে নাবালিকাগৰাকীৰ ওপৰত সংঘটিত হোৱা ঘটনাৰ আইনী প্ৰক্ৰিয়া কোনো ধৰণৰ বিলম্ব নকৰাকৈ আগবঢ়াব লাগে।
স্মাৰকপত্ৰখনত মহিলা সংগঠনকেইটাই অভিযোগ কৰে যে মহিলাৰ বিৰুদ্ধে হিংসা ৰোধৰ বাবে সময়ৰ সৈতে বিভিন্ন আইন আৰু কঠোৰ বিধান প্ৰৱৰ্তন কৰা সত্ত্বেও এনে অপৰাধ অব্যাহত আছে। আইনৰ দুৰ্বল ৰূপায়ণ, কিছুমান ক্ষেত্ৰত গোচৰ ৰুজু নকৰা, দীঘলীয়া আইনী প্ৰক্ৰিয়া আৰু অভিযুক্তসকলে লাভ কৰা বুলি অভিযোগ উঠা ৰাজনৈতিক সুৰক্ষাক এনে অপৰাধৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰে সংগঠনকেইটাই।

তেওঁলোকে কয় যে ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ পিছত আইন সংশোধন কৰি অধিক কঠোৰ বিধান সংযোজন কৰা হৈছিল যদিও মহিলাৰ বিৰুদ্ধে অপৰাধ বন্ধ হোৱা নাই। সেয়ে কেৱল কাগজত আইন কঠোৰ কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ আইনসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন।