আজি ৮ জুলাই

➡️১৬৯৫চনত নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদার্থবিদ খ্রীষ্টিয়ান হাইজেন্সৰ মৃত্যু। ১৬৫৭ চনত হাইজেন্সে প্রথম পেণ্ডুলাম ঘড়ী সাজি উলিয়ায়।

➡️১৮২২ চনত ইংৰাজ ৰোমাণ্টিক কবি শ্বেলীৰ (সম্পূর্ণ নাম পার্চি বিছি শ্বেলী) মৃত্যু।

➡️১৮৮৯ চনত বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্র ‘ৱাল স্ট্রীট জার্নেল’ৰ প্ৰকাশ।

১৯১৮ ভাৰতৰ সংবিধান সংস্কাৰ সম্পৰ্কে মন্টে-ফোর্ড শাসন সংস্কাৰ প্ৰতিবেদন নাম Government of India Act of 1919, কিন্তু ভাৰতৰ সচিব মন্টেগু আৰু ভাইচৰয় লর্ড ছেফোৰ্ডৰ যুটীয়া উদ্যোগত প্ৰৱৰ্তিত বাবে এই প্রতিবেদন (পিছলৈ আইন) মন্টেণ্ড-ছেফোর্ড শাসন সংস্কাৰ, সংক্ষেপে মন্টে- ফোর্ড শাসন সংস্কাৰ নামেই অধিক পৰিচিত।

➡️১৯২৭ চনত সাহিত্যিক চন্দ্রপ্রসাদ শইকীয়াৰ জন্ম।

➡️১৯২৮ চনত সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম।

➡️১৯৫৪ চনত তৎকালীন বিশ্বৰ সৰ্ববৃহৎ খাল পঞ্জাবৰ ভাক্ৰা-নাংগল  জলবিদ্যুৎ প্রকল্প মুকলি।

➡️১৯৭৮ চনত বিয়ন বৰ্গৰ তৃতীয়বাৰৰ বাবে উইম্বলডন খিতাপ অর্জন ।

➡️১৯৯০ চনত আর্জেন্টিনাক ১-০ গ’লত পৰাস্ত কৰি পশ্চিম জার্মানী বিশ্বকাপ ফুটবলৰ চেম্পিয়ন।

➡️২০০৩ চনত ছুডানত বিমান দুর্ঘটনা; ১১৬জন যাত্রী নিহত।

➡️২০০৪ চনত সংসদত ২০০৪-০৫ চনৰ কেন্দ্ৰীয় বাজেট উত্থাপন।

➡️২০০৬ চনত শিল্পী, আবৃতিকাৰ ঈশান পালন বৰুৱাৰ মৃত্যু।

➡️২০০৭ চনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চন্দ্ৰশেখৰৰ (৮০) মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.