➡️১৫৩৩ চনত বংগৰ বৈষ্ণৱ কবি শ্ৰী চৈতন্য দেৱৰ মৃত্যু।
➡️১৮১০ চনত আৰ্জেণ্টিনাৰ স্বাধীনতা লাভ।
➡️১৮১৯ চনত আধুনিক চিলাই কলৰ আৱিস্কাৰক ইলিয়াছ হাওৰ আমেৰিকাৰ মেচাচুছেট্ছ চহৰত জন্ম।
➡️১৮৭৫ চনত মুম্বাইত ভাৰতৰ প্ৰথমটো ষ্টক এক্সচেঞ্জ প্ৰতিষ্ঠা।
➡️১৯৫১ চনত ভাৰতৰ প্ৰথম পঞ্চমবাৰ্ষিক পৰিকল্পনা (১৯৫১-৫৬)ঘোষণা।
➡️১৯৬৯ চনত ‘সিংহ’ক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি।
➡️১৯৯১ চনত ভাৰতত দশম লোকসভা গঠন।
➡️১৯৯৪ চনত প্রগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত ৰাম গগৈৰ মৃত্যু।
➡️১৯৯৭ চনত মঙ্গল গ্রহ অভিমুখী মহাকাশযান ‘পাথফাইণ্ডাৰ’ৰ মঙ্গল গ্ৰহত পৃথিৱীৰ দৰে শিলৰ গঠনৰ আৱিষ্কাৰ।
➡️১৯৯৮ ৰাজ্যসভাৰ উপাধ্যক্ষ পদত চতুৰ্থবাৰৰ বাবে নাজমা হেপতুল্লা নির্বাচিত।
➡️১৯৯৯ চনত নুমলীগড়ত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ মুকলি।
➡️১৯৯৯ চনত পাক অনুপ্রবেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাৰ বাটালিক উদ্ধাৰ।
➡️১৯৯৯ চনত চৈয়দ আব্দুল মালিক আৰু ভবেশ সান্যালক শ্রীমন্ত শংকৰদেৱ বঁটা প্ৰদান।
➡️২০০২ চনত সংস্কৃত পণ্ডিত, প্রাক্তন সাংসদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু।
➡️২০০৬ বিশ্বকাপ ফুটবলত ইটালী চেম্পিয়ন।