আজি ২২ জুন

আজি ২২ জুন

➡️১৫২৭ ইটালীৰ ৰাজনীতিবিদ, কূটনীতিজ্ঞ নিকোলো মেকিয়াভেলিৰ মৃত্যু।
➡️১৫৫৫ আকবৰক হুমায়ুনৰ উত্তৰাধিকাৰী ৰূপে ঘোষণা।
➡️১৬৩৩ ‘পৃথিৱীয়ে সূর্যক প্রদক্ষিণ কৰে’- এই ঘোষণা কৰাৰ অপৰাধত গেলিলিঅ’ গেলিলি ৰোমৰ ধৰ্মগুৰৰ ওচৰত বিচাৰৰ সন্মুখীন।
➡️১৮০৭ আমেৰিকান মিছনেৰী, ‘অৰুনোদই’ৰ প্রথম সম্পাদক নাথান ব্রাউনৰ জন্ম।
➡️১৮৮০ বাগ্মীবৰ নীলমণি ফুকনৰ ডিব্ৰুগড়ত জন্ম।
➡️১৮৯৭ ভাৰতীয় বিপ্লৱী দামোদৰ হৰি ছাপেৰকাৰৰ (জন্ম ১৮৬৯) দ্বাৰা দুজন ইংৰাজ বিষয়া চাৰ্লছ ৰেণ্ড আৰু আৱাৰেষ্টক গুলীয়াই হত্যা। এইটোৱে ভাৰতৰ প্ৰথম বিপ্লৱী কার্যকলাপ।
➡️১৮৯৮ চনৰ ১৮ এপ্ৰিলত দামোদৰ হৰি ছাপেৰকাৰক ফাঁচি দিয়া হয়। একেটা ঘটনাত জড়িত বুলি অভিযুক্ত কৰি দামোদৰ নায়ক বালকৃষ্ণ ছাপেৰকাৰক (জন্ম ১৮৭৩) ১৮৯৯ চনৰ ১২ মে’ত ফাঁচি দিয়া হয়।
➡️১৮৯৮ প্রথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ জন্ম।
➡️১৯৪০ সুভাষ চন্দ্ৰ বসুৰ ফৰৱাৰ্ড ব্লক গঠন।

You might also like
Leave A Reply

Your email address will not be published.