আজি ২৩ জুন

লাক্সেমবার্গৰ ৰাষ্ট্ৰীয় দিৱস।

➡️১৭৫৭ চনত পলাশীৰ যুদ্ধ। ৰবাৰ্ট ক্লাইভ নেতৃত্বাধীন ইষ্ট ইন্ডিয়া কোম্পানীৰ হাতত বংগৰ নবাব ছিৰাজোদ্দৌল্লা পৰাস্ত আৰু পলায়ন। পিছত তেওঁ ধৰা পৰে আৰু এই বছৰৰে (১৮৫৭) ২ জুলাইত মহম্মদ বেগৰ হাতত তেওঁৰ মৃত্যু হয়। ছিৰাজৰ সেনাপতি মীৰজাফৰ হয় বংগৰ নবাব।

➡️১৯০৭ চনত ব্রিটিছ অর্থনীতিবিদ জেম্ছ মিডেৰ জন্ম। ১৯৭৭ চনত তেওঁ যুটীয়াভাৱে অর্থনীতিত নোবেল বঁটা লাভ কৰে।

➡️১৯২৪ চনত শ্রীলংকাৰ ৰাষ্ট্ৰপতি ৰণসিংঘে প্রেমদাসাৰ কলম্বোেত জন্ম। ১৯৮৯ চনৰ পৰা ১৯৯৩ চনলৈকে তেওঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡️১৯৫৩ চনত ভাৰতীয় জনসংঘৰ অন্যতম প্রতিষ্ঠাতা শ্যামাপ্রসাদ মুখার্জীৰ মৃত্যু।

➡️১৯৮০ চনত এক বিমান দুর্ঘটনাত যুৱ কংগ্ৰেছৰ নেতা তথা ইন্দিৰা গান্ধীৰ কনিষ্ঠ পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু।

➡️১৯৮৫ চনত আল্লান্টিক মহাসাগৰৰ ওপৰত এয়াৰ ইণ্ডিয়াৰ জাম্বো জেট বিমান ‘কনিষ্ক’ ধ্বংসপ্রাপ্ত, ৩২৯জন যাত্ৰীৰ মৃত্যু।

➡️২০০২ চনত সপ্তাহজোৰা কাৰ্যসূচীৰে নেপালৰ ৰজা-ৰাণীৰ ভাৰত ভ্রমণ আৰম্ভ।

➡️২০০৩ বৰ্ষৰ উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ। ২০০৪ সাধাৰণ ন্যূনতম কাৰ্যসূচী (Common Minimum Programme) ৰূপায়ণৰ বাবে প্ৰধান মন্ত্রী মনমোহন সিঙৰ বাৰজনীয়া ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ গঠন।

You might also like
Leave A Reply

Your email address will not be published.