আকাশ মাৰ্গত সন্ধানহীন উপ-ৰাষ্ট্ৰপতিৰ বিমান

মালাৱিৰ উপ-ৰাষ্ট্ৰপতি ছাওলোছ চিলিমা আৰু অন্যান্য ৯ জন লোকক লৈ উৰা মৰা প্ৰতিৰক্ষা বাহিনীৰ এখন বিমান কালিৰে পৰা সন্ধানহীন হৈ আছে। দেশখনৰ ৰাষ্ট্ৰপতি লাজাৰ শ্বছকৱেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি ৰাজধানী লিলংৱেৰ পৰা উৰা মৰাৰ পাছতে বিমানখন সন্ধানহীন হয়। বিমানখনত ৫১ বছৰীয়া উপ-ৰাষ্ট্ৰপতিগৰাকীৰ লগতে তেওঁৰ পত্নী আৰু আন ৮জন লোক আছিল। বিমানখনে উৰা মৰাৰ ৪৫ মিনিটৰ পাছত মজুজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। বিমানখনৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.