আকাশত বিয়া

নেচনেল ডেস্ক, এন ই ভাৰত

অসুস্থ পৃথিৱীৰ বুকুত বিয়া পাতিবলৈ উপযুক্ত স্থান নাপালে এহাল যুৱক-যুৱতীয়ে।সেয়ে আকাশৰ বুকুত বিৱাহ পাশত আৱদ্ধ হ’লগৈ প্ৰেমিকা।
কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ ভয়ংকৰ পৰিস্থিতিত লকডাউনত স্থবিৰ তামিলনাডুত স্বাভাৱিক জীৱন যাত্ৰাৰ লগতে বন্ধ কৰা হৈছে মাংগলিক অনুষ্ঠান আদিও। পৃথিৱীত লকডাউন হৈ থকাৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ মাদুৰাইৰ ৰাকেশ আৰু দীক্ষা নামৰ যুৱক-যুৱতীহালে এখন উৰাজাহাজ ভাড়া কৰি নিজৰ বিয়া পাতিলেগৈ আকাশৰ বুকুত।
আকাশমাৰ্গত দুদিন পূৰ্বে অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত দৰা-কইনাৰ ১৩০ গৰাকী আত্মীয় উপস্থিত থাকে।সকলো অভ্যাগতৰে RT-PCR পৰীক্ষা কৰি নিগেটিভ প্ৰমাণ পত্ৰ লৈহে বিবাহৰ বিশেষ বিমান খনত উঠিবলৈ দিয়া বুলি সদৰি কৰিছে নৱদম্পতিয়ে। ।

You might also like
Leave A Reply

Your email address will not be published.