নেচনেল ডেস্ক:
“নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি- শাৰদচন্দ্ৰ পাৱাৰ” নামেৰে পৰিচিত হ’ল নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি(NCP)ৰ শৰদ পাৱাৰ ফৈদ। বুধবাৰে নিৰ্বাচনী আয়োগে অজিত পাৱাৰ শিবিৰক প্ৰকৃত এনচিপি বুলি ঘোষণা কৰাৰ এদিন পিছতে এই নাম প্ৰদান কৰে শৰদ পাৱাৰ ফৈদক। উল্লেখ্য যে, শৰদ পাৱাৰ ফৈদে নিৰ্বাচনী আয়োগৰ সন্মুখত তিনিটা নতুন নাম প্ৰস্তাৱ কৰিছিল- এন চি পি শৰদ পাৱাৰ, এন চি পি শাৰদচন্দ্ৰ পাৱাৰ আৰু এন চি পি শাৰদৰাও পাৱাৰ। প্ৰস্তাৱিত প্ৰতীক আছিল উদীয়মান সূৰ্য্য আৰু আহত গছ।
আনহাতে ছমাহৰ ভিতৰত দহটাতকৈও অধিক শুনানিৰ অন্তত নিৰ্বাচনী পেনেলে অজিত পাৱাৰৰ সপক্ষে ৰায় দিয়ে। মঙলবাৰে নিৰ্বাচন আয়োগে অজিত পাৱাৰ ফৈদক প্ৰদান কৰে এনচিপি দলৰ নাম আৰু প্ৰতীক। ৰাজ্যৰ বিধানসভাত অজিত পাৱাৰ ফৈদৰ সংখাগৰিষ্ঠ বিধায়ক থকাত এনচিপিৰ চিহ্ন দখল কৰাত সহায় কৰা বুলি নিবাচনী আয়োগ সূত্ৰে প্ৰকাশ। ইফালে শৰদ পাৱাৰ ফৈদে “ঘড়ী”ৰ চিহ্ন হেৰুৱাই আজি মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াক “গণতন্ত্ৰৰ হত্যা” বুলি অভিহিত কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি ঘোষণা কৰে শৰদ পাৱাৰৰ শিবিৰে।
বিগত বৰ্ষৰ জুলাই মাহত এন চি পিৰ সংখ্যাগৰিষ্ঠ বিধায়ক লৈ অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত বিজেপি-শিৱসেনা চৰকাৰক সমৰ্থন কৰিছিল।।