ভাৰতৰ নিৰ্বাচন আয়োগৰ সকীয়নি

ৰাজনৈতিক দলসমূহক পোষ্টাৰ আৰু পামফ্লেট বিতৰণ বা শ্লোগান দিয়াকে ধৰি শিশুসকলক প্ৰচাৰত ব্যৱহাৰ নকৰিবলৈ পত্ৰ প্ৰেৰণ

নেচনেল ডেস্ক:

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগৰ সকীয়নি। নিৰ্বাচনী প্ৰচাৰত শিশুৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰাজনৈতিক দলসমূহক সকীয়নি ভাৰতৰ নিৰ্বাচনী আয়োগৰ। ৫ ফেব্ৰুৱাৰীত লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহক পোষ্টাৰ আৰু পামফ্লেট বিতৰণ বা শ্লোগান দিয়াকে ধৰি শিশুসকলক যিকোনো ৰূপত প্ৰচাৰত ব্যৱহাৰ নকৰিবলৈ পত্ৰ প্ৰেৰণ কৰে নিৰ্বাচনী আয়োগে। ৰাজনৈতিক নেতা আৰু প্ৰাৰ্থীয়ে শিশুক লৈ, বাহনত শিশু কঢ়িয়াই নিয়াৰ বাবে বা ৰেলীত কোনো ধৰণৰ প্ৰচাৰ কাৰ্য্যসূচীত শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব। ৫ ফেব্ৰুৱাৰীত ৰাজনৈতিক দলসমূহলৈ প্ৰেৰণ কৰা এক পৰামৰ্শত নিৰ্বাচনত শিশুক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

সকলো নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ বা কাম-কাজৰ সময়তো কোনো ধৰণৰ শিশুক জড়িত কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে নিৰ্বাচনী আয়োগে । শিশু শ্ৰমৰ সৈতে জড়িত সকলো প্ৰাসংগিক আইন মানি চলাটো নিশ্চিত কৰিবলৈ ব্যক্তিগতভাৱে দায়িত্ব বহন কৰিব জিলা নিৰ্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়াসকলে। এই বিধানসমূহ উলংঘা কৰিলে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে আয়োগে।

অবশ্যে ৰাজনৈতিক দলৰ কোনো নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত জড়িত নোহোৱা ৰাজনৈতিক নেতাৰ ওচৰত তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকৰ সৈতে শিশুৰ উপস্থিতি নিৰ্দেশনা উলংঘা বুলি গণ্য কৰা নহ’ব বুলি উল্লেখ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.