আজি ৬ ফেব্ৰুৱাৰী

আজি ৬ ফেব্ৰুৱাৰী

➡️১৮০৪ ইংৰাজ ৰাসায়নবিদ যোছেফ প্ৰিষ্টলিৰ মৃ্ত্যু।
➡️১৯১২ আডলফ হিটলাৰৰ প্ৰেয়সী (জীৱনৰ অন্তিম সময়ত পত্নী) ইভা ব্ৰাউনৰ জন্ম।
➡️১৯১৯ কেন্দ্ৰীয় আইন সভাত ৰাওলাট আইনৰ বিধেয়ক উত্থাপন। এই বছৰৰে ১৮ মাৰ্চত বিধেয়কখন আইনত পৰিণত হয়। ইয়েই কুখ্যাত ৰাওলাট আইন।
➡️১৯৩১ স্বাধীনতা সংগ্ৰামী, জৱহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ মৃত্যু।
➡️১৯৭৬ বিশিষ্ট চিত্ৰ পৰিচালক ঋত্বিক ঘটকৰ মৃত্যু।
➡️১৯৫৫ গোলাঘাটৰ বিহৰা চাহ বাগিচাত কবি সমীৰ তাঁতিৰ জন্ম।
➡️১৯৯১ কলকাতাত অৱস্থিত এছিয়াৰ প্ৰাচীনতম ষ্টুডিঅ’ ‘বোৰ্ন এণ্ড শ্বেফাৰ্ড’ ভস্মীভূত। ১২৫ বছৰ আগতে এইটো ষ্টুডিঅ’ স্থাপন কৰা হৈছিল।
➡️২০০১ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছী নেতা ভি এন গেডগিলৰ মৃত্যু।
➡️২০০৪ ত্ৰয়োদশ লোকসভা ভংগ।

You might also like
Leave A Reply

Your email address will not be published.