পাকিস্তানত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

আক্ৰমণত দহজন আৰক্ষী নিহত হোৱাৰ বিপৰীতে আহত হয় আন ছয়জন লোক

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। আৰক্ষীয়ে জনোৱা মতে, খাইবাৰ পখতুনখোৱাৰ ডেৰা ইছমাইল খান জিলাৰ এখন থানাত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। আক্ৰমণত দহজন আৰক্ষী নিহত হোৱাৰ বিপৰীতে আহত হয় আন ছয়জন লোক। আৰক্ষীৰ মতে, দৰবন তহচিলত পুৱা ৩ বজাত গ্ৰেনেড আৰু প্ৰচণ্ড গুলীচালনাৰে চাৰিওফালৰ পৰা আৰক্ষী থানাখন ঘেৰি আক্ৰমণ কৰে সন্ত্রাসবাদীয়ে। আহতসকলক তৎক্ষণাত ডি এইচ কিউ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতেই আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে যদিও পুৱতি নিশাৰ আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদীৰ দলটোয়ে।

খবৰ মতে, আৰক্ষী বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীক বিছাৰি আৰম্ভ কৰিছে অভিযান। খবৰ অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত পাকিস্তানত কমেও ৯৩টা উগ্ৰপন্থী আক্ৰমণ সংঘটিত হৈছে, য’ত ৯০ জন লোক নিহতৰ বিপৰীতে আহত হৈছে ১৩৫ জন লোক।।

You might also like
Leave A Reply

Your email address will not be published.