আজি ৫ ফেব্ৰুৱাৰী

➡️১৯২২ উত্তৰ প্ৰদেশৰ চৌৰিচৌৰা গাঁৱত উত্তেজিত জনতাৰ থানা আক্ৰমণ আৰু ২২ জন আৰক্ষীৰ লোকক হত্যা।
➡️১৬৪৯ প্ৰিন্স অব্ ৱেলছৰ প্ৰথম চাৰ্লছ নাম লৈ ইংলেণ্ডৰ সিংহাসনত আৰোহণ।
➡️১৮৬১ মাৰ্কিন বিজ্ঞানী কোলমেন চেলাৰ্ছৰ (Coleman Sellers) চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা ‘চিনেমেটোস্কোপ’ যন্ত্ৰৰ পেটেন্ট লাভ। এইটো যন্ত্ৰৰ জৰিয়তেই পৃথিৱীত চলচ্চিত্ৰৰ প্ৰথমটো ঢাপ আৰম্ভ হয়।
➡️১৯২২ বিশ্বৰ প্ৰসিদ্ধ সাময়িক পত্ৰিকা ‘ৰীডাৰ্ছ ডাইজেষ্ট’ৰ প্ৰথম প্ৰকাশ।
➡️১৯৩৭ চাৰ্লি চেপলিনৰ প্ৰথম ছবি ‘মডাৰ্ন টাইমছ’ৰ মুক্তি।
➡️১৯৭১ চন্দ্ৰলৈ যোৱা তৃতীয়খন মানৱবাহী যান ‘এপলো-১৪’ৰ চন্দ্ৰত অৱতৰণ। যানখনত যোৱা দুজন মহাকাশচাৰীয়ে চন্দ্ৰত ৪ ঘন্টা সময় খোজ কাঢ়ে।
➡️১৯৯২ প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ দিলীপ ভেংসৰকাৰৰ টেষ্ট ক্ৰিকেটাৰ পৰা অৱসৰ।
➡️২০০৭ ২৯ ঘন্টা ১৭ মিনিট ‘স্পেচ ৱাক’ কৰি মহাকাশচাৰী সুনীতা উইলিয়ামছ এই ক্ষেত্ৰৰ প্ৰথম মহিলাৰূপে পৰিগণিত।
➡️২০০৫ সশ্স্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে ১,৫৬০ দিন অনশন কৰি মণিপুৰৰ শৰ্মিলা দেৱীৰ গীনিছ বুকত স্থান লাভ। শৰ্মিলাই ২০০০ চনৰ ২ নৱেম্বৰৰ পৰা অনশন কৰি আহিছে।

You might also like
Leave A Reply

Your email address will not be published.