KYC আপডেট জালিয়াতিৰ বিৰুদ্ধে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সতৰ্কবানী

আৰ বি আইয়ে এক অধিসূচনাযোগে গ্ৰাহকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে

নিউজ ডেস্ক:

KYC আপডেট জালিয়াতিৰ বিৰুদ্ধে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সতৰ্কবানী। গ্ৰাহকে প্ৰৱঞ্চনাৰ বলি হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে KYC আপডেটৰ নামত জালিয়াতিৰ বিৰুদ্ধে সকীয়াই দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। আৰ বি আইয়ে এক অধিসূচনাযোগে গ্ৰাহকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

KYC আপডেটৰ নামত জালিয়তি কেনেকৈ সংঘটিত হয়?

সাধাৰণতে গ্ৰাহকে ফোন কল/এছএমএছ/ই-মেইলকে ধৰি অনাকাংক্ষিত যোগাযোগ লাভ কৰে, যাৰ জৰিয়তে তেওঁলোকক ব্যক্তিগত তথ্য প্ৰকাশ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হয়। একাউণ্ট/লগ ইনৰ বিৱৰণ সমূহত প্ৰদান কৰা লিংকৰ জৰিয়তে অকৰ্তৃত্বশীল এপসমূহ ইনষ্টল কৰা হয়। প্ৰৱঞ্চকসকলে ভুৱা জৰুৰীকালীনতা সৃষ্টি কৰি গ্ৰাহকক নিয়ম মানি চলিব নোৱাৰিলে একাউণ্ট ফ্ৰীজ/ব্লক বা আনকি বন্ধ কৰাৰ ভাবুকি দিয়ে। যেতিয়া গ্ৰাহকে প্ৰয়োজনীয় ব্যক্তিগত বা প্ৰৱেশৰ বিৱৰণ শ্বেয়াৰ কৰে, প্ৰৱঞ্চকসকলে তেওঁলোকৰ একাউণ্টত অকৰ্তৃত্বশীল প্ৰৱেশ লাভ কৰে আৰু প্ৰৱঞ্চনামূলক কাৰ্য্যকলাপত লিপ্ত হয়।

আৰ বি আইয়ে এনে ঘটনাৰ খবৰ তৎক্ষণাত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল www.cybercrime.gov.in বা চাইবাৰ অপৰাধ হেল্পলাইন ১৯৩০ৰ জৰিয়তে অভিযোগ দাখিল কৰিবলৈ আহ্বান জনায়।

কি কৰিব?

*KYC আপডেটৰ বাবে যিকোনো অনুৰোধ লাভ কৰাৰ ক্ষেত্ৰত নিশ্চিতকৰণ/ সহায়ৰ বাবে তেওঁলোকৰ বেংক/ বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক।
*বেংক/ বিত্তীয় প্ৰতিষ্ঠানৰ যোগাযোগ নম্বৰ/ গ্ৰাহক সেৱাৰ ফোন নম্বৰ কেৱল ইয়াৰ চৰকাৰী ৱেবছাইট/ উৎসৰ জৰিয়তে লাভ কৰক।
*কোনো ধৰণৰ চাইবাৰ জালিয়াতিৰ ঘটনা হ’লে তেওঁলোকৰ বেংক/ বিত্তীয় প্ৰতিষ্ঠানক তৎক্ষণাত অৱগত কৰক।
*KYCৰ বিৱৰণ আপডেট কৰাৰ বাবে উপলব্ধ ধৰণ/বিকল্পসমূহ নিৰ্ণয় কৰিবলৈ তেওঁলোকৰ বেংক শাখাৰ সৈতে সোধা-পোছা কৰক।

কি নকৰিব?

*একাউণ্ট লগ ইন প্ৰমাণপত্ৰ, কাৰ্ডৰ তথ্য, পিন, পাছৱৰ্ড বা OTP কাৰো সৈতে ভাগ-বতৰা নকৰিব।
*KYC নথিপত্ৰ বা নথিপত্ৰৰ কপি অজ্ঞাত বা অচিনাক্ত ব্যক্তি বা সংস্থাৰ সৈতে ভাগ-বতৰা নকৰিব।
*কোনো ধৰণৰ স্পৰ্শকাতৰ তথ্য/ আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স ইত্যাদি আনভেৰিফাইড/ অকৰ্তৃত্বশীল ৱেবছাইট বা এপ্লিকেচনৰ জৰিয়তে শ্বেয়াৰ নকৰিব।
*মোবাইল বা ই-মেইলত পোৱা সন্দেহজনক বা আনভেৰিফাইড লিংকত ক্লিক নকৰিব।

You might also like
Leave A Reply

Your email address will not be published.