ভাৰতীয় পেৰালিম্পিক কমিটীক নিলম্বন!

ভাৰতীয় পেৰালিম্পিক কমিটীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন

স্প’ৰ্টছ ডেস্ক:

ভাৰতীয় পেৰালিম্পিক কমিটীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন।
নিৰ্বাচন অনুষ্ঠিত কৰাত পলম হোৱা, প্ৰতিষ্ঠিত নীতি-নিৰ্দেশনা উলংঘাৰ বাবে কমিটীক নিলম্বন কৰে ক্ৰীড়া মন্ত্ৰালয়ে। ক্ৰীড়া মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে ভাৰতীয় পেৰালিম্পিক কমিটীক। উল্লেখ্য যে, ২০২৪ চনৰ ৩১ জানুৱাৰীত আনুষ্ঠানিকভাৱে সমাপ্ত হৈছিল ভাৰতীয় পেৰালিম্পিক কমিটীৰ কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল। কমিটীৰ কাৰ্যকাল শেষ হোৱাৰ পাছতেই নিৰ্বাচন অনুষ্ঠিত নকৰি প্ৰায় দুমাহৰ পিছত ২০২৪ চনৰ ২৮ মাৰ্চত নিৰ্বাচনৰ সময় নিৰ্ধাৰণ কৰা সিদ্ধান্ত পিচিআইৰ সংবিধান আৰু ক্ৰীড়া সংহিতা দুয়োটাৰে উলংঘা বুলি গণ্য কৰা হয় বুলি মন্ত্ৰালয়ে এক নিৰ্দেশনা যোগে প্ৰকাশ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.