আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী

৩ দিনীয়া কাৰ্যসূচীৰে সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি বোকাখাতবাসীৰ

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী। ৰাজ্যজুৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ত্ৰয়োদশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠগৰাকীক স্মৰণ। বোকাখাতত ‘মানুহে মানুহৰ বাবে…’ কালজয়ী গীত গাই তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি। সুধাকণ্ঠৰ মহাপ্ৰয়ানৰ এমাহৰ ভিতৰতে বোকাখাতত প্ৰতিষ্ঠা কৰা পূৰ্ণাঙ্গ সোণালী মূৰ্তিৰ চৌহদ চাফ চিকুন কৰি ৩ দিনীয়াকৈ শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী লৈছে বোকাখাতৰ সামাজিক সাংস্কৃতিক সংগঠন ফেচেংবৰ হেৰিটেজ আৰু সাংবাদিকৰ সংগঠন ‘ইমজা’ই (EMJA)। সুধাকণ্ঠই মৃত্যুৰ পূৰ্বে নিজে আধাৰশিলা কৰা নিজৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তিটো মৃত্যুৰ পিছতে সম্পূৰ্ণ কৰি উলিয়াইছিল প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। আজি সন্ধিয়া বোকাখাতৰ নাহৰজানত অনুষ্ঠিত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই।

You might also like
Leave A Reply

Your email address will not be published.