নিউজ ডেস্কঃ দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ বাতিল কৰিলে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। বিদেশী ৰাষ্ট্ৰপ্ৰধানগৰাকীক আদৰিবৰ বাবে ন কইনাৰ দৰে সজাই তোলা হৈছিল গুৱাহাটী মহানগৰী। চূণ-তেল সানি গুৱাহাটীক দৃষ্টিনন্দন ৰূপত গঢ়ি তোলা হৈছিল যদিও অৱশেষত অসম ভ্ৰমণ বাতিল কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিয়ে। মঙলবাৰে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাই জানিবলৈ দিয়া মতে মঙলবাৰে কেন্দ্ৰীয় বৈদেশিক সচিবে অসমৰ মুখ্য সচিবক জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিলৰ কথা অৱগত কৰে। পিছে কি কাৰণত প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী বাতিল হ’ল সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী নিজেও অৱগত নহয় বুলি জনাই সংবাদ মাধ্যমক।
ড০ শৰ্মাই জনোৱা মতে বিগত এমাহ ধৰি ভাৰত চৰকাৰ তথা জাপান চৰকাৰৰ প্ৰতিনিধিয়ে গুৱাহাটীত বাহৰ পাতি ক’ত থাকিব কি খাব নিৰাপত্তা ব্যৱস্থা কেনেকুৱা হ’ব আদি সকলো বিষয় পৰ্যৱেক্ষণ কৰি আছিল। আনকি থকা হোটেলো থিৰাং কৰা হৈছিল কিন্তু শেষ মুহুৰ্তত বাতিল হয় এই ভ্ৰমণসূচী। বিষয়টো সন্দৰ্ভত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে মিলিত হ’লেহে বিষয়টো সন্দৰ্ভত বিশদভাৱে অৱগত হ’ব মুখ্য়মন্ত্ৰীগৰাকী। যিহেতু এখন বিদেশী ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ তথা আনুসংগীক বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰে চোৱাচিতা কৰে।

এইক্ষেত্ৰত যিহেতু অসম চৰকাৰৰ বিশেষ কৰ্তৃত্ব নাথাকে সেয়ে মুখ্যমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাতিল বিষয়ত সবিশেষ জনোৱাৰ পৰা বিৰত থাকে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে জাপানৰ কৰ্পৰেট গোষ্ঠীক অসমলৈ লৈ আহিব বুলিও অৱগত কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে এই কৰ্পৰেট গোষ্ঠী অসমলৈ অহাৰ কথা আছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সূচী ৰখা হৈছিল যদিও সেই সময়ত ‘কা’ আন্দোলন হোৱাৰ বাবে বাতিল কৰা হৈছিল ভ্ৰমণ। এনে পৰিপ্ৰেক্ষিতত দ্বিতীয়বাৰৰ বাবে বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ। অসমৰ লগত যেন ৰাহি-যোৰা নিমিলা হৈছে জাপানৰ।