আজি ১০ আগষ্ট

▶️১৮৬০ চনৰ আজিৰ দিনটোতেই হিন্দুস্তানী সংগীতত নৱযুগৰ সূচনাকাৰী বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম হৈছিল।
▶️১৮৭০ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হৈছিল। ১৯০৮ চনত তেঁও লাভ কৰিছিল ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা।
▶️১৮৯৪ চনৰ এই দিনটোতেই ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ জন্ম হৈছিল।১৯৬৯ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ ৰাষ্ট্ৰপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭৯ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ যান SLV-3 (ছেটেলাইট লঞ্চ ভেহিকল) শ্ৰীহৰিকোটাৰ পৰা পূৱা ৭:৫৮ বজাত উৎক্ষেপণ। উপগ্ৰহ বহন কৰিব পৰাকৈ পৰীক্ষামূলকভাৱে নিৰ্মিত আৰু উৎক্ষেপিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন।এই পৰীক্ষা সফল নহ’ল। উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংস হয়।
▶️১৯৮১ চনৰ এই দিনটোতেই প্ৰকাশ মেহৰোত্ৰাৰ অসমৰ ৰাজ্যপালৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৮৪ চনৰ ২৭ মাৰ্চলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই দ্বিতীয় মহাসমৰৰ অন্তত জাৰ্মানীৰ নিঃস্বৰ্ত আত্মসমৰ্পণ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ‘নৰ্মদা বচাও’ আন্দোলনৰ নেত্ৰী মেধা পাটকাৰসহ দহজনক গ্ৰেপ্তাৰ। এওঁলোকে একঁকাল পানীত নামি নৰ্মদাৰ সুৰক্ষাৰ হকে দাবী জনাইছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসম চৰকাৰৰ শান্তি সমদলৰ বুটমাহ খাই কেইবা শতাধিক শিশু,কিশোৰ-কিশোৰী আক্ৰান্ত হৈছিল। মৃত্যু ঘটিছিল দুটি শিশুৰ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই FIFAৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম ফুটবল ৰেফাৰী প্ৰতুল চক্ৰৱৰ্তীৰ মৃত্যু ঘটিছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হৈছিল হামিদ আনছাৰী।।

You might also like
Leave A Reply

Your email address will not be published.