▶️আজি ক্ৰোৱেচিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি ভাৰতীয় সেনা দিৱস।
▶️১৭৮৪ চনৰ আজিৰ দিনটোতেই উইলিয়াম জোন আৰু ৱাৰেন হেষ্টিংছৰ পৃষ্ঠপোষকতাত এছিয়াটিক ছচাইটি অৱ বেংগল প্ৰতিষ্ঠা।পাছত ইয়াৰ নাম হয়গৈ ৰয়েল এছিয়াটিক ছচাইটি আৰু ১৯৫১ চনত জুনৰ পৰা হয়গৈ এছিয়াটিক ছচাইটি।
▶️১৯২৯ চনৰ এই দিনটোতেই কৃষ্ণাংগ লোকৰ স্বাধীকাৰ আন্দোলনৰ নেতা মাৰ্টিন লুথাৰ কিঙ (জুনিয়ৰ)ৰ আমেৰিকাত জন্ম হৈছিল।
▶️১৯৩৪ চনৰ এই দিনটোতেই বিহাৰ আৰু নেপালত ভয়ংকৰ ভূমিকম্পত ২০ হেজাৰ লোকৰ মৃত্যু ঘটিছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই জেনেৰেল কে এম কেৰিয়াপ্পাৰ ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় কমাণ্ডাৰ ইন চীফ ৰূপে কাৰ্যভাৰ গ্ৰহণ। এই বছৰৰ পৰাই ১৫ জানুৱাৰীৰ দিনটো ‘সেনা দিৱস’ ৰূপে পালন কৰি অহা হৈছে।জেনেৰেল কেৰিয়াপ্পাই ১৯৫৩ চনৰ ১৪ জানুৱাৰী পৰ্যন্ত এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৫৮ চনৰ আজিৰ দিনটোতেই বেংগল-আছাম ৰে’লৱেৰ নাম ‘উত্তৰ পূৱ সীমান্ত ৰে’লৱে’ৰূপে সলনি কৰা হৈছিল।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিমান বাহিনীত প্ৰথমবাৰৰ বাবে মহিলা পাইলট নিযুক্তি দিয়া হৈছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত অসমীয়া দৈনিক কাকত ‘নতুন দৈনিক’ৰ প্ৰকাশ। কাকতখনৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ পাইছিল ১৯৮৮ চনৰ ১ জানুৱাৰীত।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (ভাৰপ্ৰাপ্ত) গুলজাৰিলাল নন্দৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই অসমত ইন্টাৰনেট সেৱা মুকলি হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই কে জি বালকৃষ্ণণৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপতগ্ৰহণ।।
