আজি ভাৰতীয় সেনা দিৱস।দেওবাৰে ভাৰতীয় সেনাই ৭৫ সংখ্যক সেনা দিৱস উদযাপন কৰিব। এই বছৰৰ পৰা দিল্লীৰ বাহিৰত আৰু দেশৰ বিভিন্ন ফিল্ড কমাণ্ডত অনুষ্ঠিত হ’ব সেনা দিৱস। জেনেৰেল কাৰিয়াপ্পা স্বাধীনতাৰ পাছত ভাৰতীয় সেনাৰ কমাণ্ডাৰ ইন চীফ পদত অধিষ্ঠিত হোৱা প্ৰথমজন ভাৰতীয় হিচাপে ১৫ জানুৱাৰীত দেশে উদযাপন কৰি আহিছে সেনা দিৱস। এই দিৱসত আয়োজন কৰা বিশেষ অনুষ্ঠানৰ মাজত দিনটোৰ মুখ্য আকৰ্ষণ হৈছে মূল পেৰেড।

ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই অভিবাদন গ্ৰহণৰ পাছতেই প্ৰদান কৰিব বীৰত্বৰ বঁটা । ইয়াৰ পিছতে আৰম্ভ হ’ব আৰ্মি চাৰ্ভিচ কৰ্পছ (এ এছ চি) টৰ্নেডোছৰ সাহসী মটৰ চাইকেল প্ৰদৰ্শন, পেৰাট্ৰুপাৰছৰ স্কাইডাইভিং প্ৰদৰ্শন, ডেয়াৰডেভিল জাম্প, আৰু আৰ্মি এভিয়েশন কৰ্পছৰ হেলিকপ্টাৰেৰে ফ্লাই-পাষ্ট।।

You might also like
Leave A Reply

Your email address will not be published.