আজি ১৬ জানুৱাৰী

▶️১৯০১ চনৰ আজিৰ দিনটোতেই বিশিষ্ট মাৰাঠী শিক্ষাবিদ তথা জাতীয়তাবাদী নেতা মহাদেউ গোবিন্দ ৰাণাডেৰ মৃত্যু হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই বেনিটো মুছোলিনীৰ নেতৃত্বত ইটালীত ‘ফেছিদি কমবাৰ্টো মেন্টো’ বা ফেছিষ্ট দল গঠন।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ মৃত্যু হৈছিল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বাংলা ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই দেৱকান্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশ পাইছিল ‘নতুন অসমীয়া’ কাকত।
▶️১৯৬৮ চনৰ এই দিনটোতেই সাহিত্যিক নকুল চন্দ্ৰ ভূঞাৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই বিশ্বৰ ভিতৰতে সৰ্বাধিক ছবি (৬০০ৰো অধিক)ত নায়কৰ চৰিত্ৰত অভিনয় কৰা প্ৰেম নাজিৰৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই লাৰা দত্তৰ ‘ফেমিনা মিছ ইণ্ডিয়া’ খিতাপ অৰ্জন।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ফ্ল’ৰিডাৰ পৰা মহাকাশযান ‘কলম্বিয়া’ত কল্পনা চাওলাৰ দ্বিতীয়টো মহাকাশ যাত্ৰা আৰম্ভ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই হোমেন বৰগোহাঞিক মুখ্য সম্পাদক ৰূপে লৈ অসমীয়া দৈনিক বাতৰি কাকত ‘আজিৰ দৈনিক বাতৰি’ৰ প্ৰথমটো প্ৰস্তাৱনা সংখ্যা প্ৰকাশ পাইছিল।উল্লেখযোগ্য যে প্ৰথম প্ৰকাশতে তিনিটা সংস্কৰণ (গুৱাহাটী,ডিব্ৰুগড় আৰু লখিমপুৰ) প্ৰকাশ পোৱা এইখনেই অসমৰ প্ৰথম বাতৰি কাকত।।

You might also like
Leave A Reply

Your email address will not be published.