আজি ১৪ জানুৱাৰী

▶️১৫৫১ চনৰ আজিৰ দিনটোতেই মোগল যুগৰ প্ৰখ্যাত ইতিহাসবিদ তথা পণ্ডিত আৰু আকবৰৰ মন্ত্ৰী আবুল ফজলৰ জন্ম হৈছিল। ‘আকবৰনামা’ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
▶️১৭৬১ চনৰ এই দিনটোতেই মাৰাঠা আৰু আফগানিস্তানৰ শাসক আহমদ শ্বাহ ডুৰানীৰ মাজত পানীপথৰ তৃতীয় যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত পৰাস্ত হৈছিল মাৰাঠা বাহিনী।
▶️১৮৯১ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ডি বি দেওধৰৰ জন্ম হৈছিল।
▶️১৮৯৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ শিশু সাহিত্যিক লুই কেৰল(প্ৰকৃত নাম চাৰ্লছ লুটউইজ ডজছন)ৰ মৃত্যু হৈছিল। ‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই ‘আসাম বন্তি’ৰ প্ৰকাশ।
▶️১৯১৪ চনৰ এই দিনটোতেই খ্যাতিসম্পন্ন সাহিত্যিক চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।
▶️১৯৬৯ চনৰ আজিৰ দিনটোতেই মাদ্ৰাজ ৰাজ্যৰ নাম সলনি কৰি তামিলনাডু কৰা হৈছিল। ৰাজধানী হৈছিল মাদ্ৰাজ।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ইন্দিৰা গান্ধী।
▶️১৯৮২ চনৰ এই দিনটোতেই ইন্দিৰা গান্ধীৰ বিখ্যাত ‘কুৰিদফীয়া আঁচনি’ ঘোষণা।
▶️২০০১ চনৰ এই দিনটোতেই বিজ্ঞানী ষ্টিফেন হকিঙৰ ভাৰত ভ্ৰমণ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই দেশজুৰি STD টেলিফোন সেৱাৰ নিৰিখ ৬২ শতাংশ পৰ্যন্ত হ্ৰাস।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়াৰ লেখাপানীত দিহিং পাটকাই উৎসৱ আৰম্ভ হৈছিল।
▶️২০০৭ চনৰ এই দিনটোতেই ভাৰতৰ ৩৭ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে কে জি বালকৃষ্ণণৰ শপতগ্ৰহণ। এই পদত অধিষ্ঠিত হোৱা তেঁৱেই দলিত সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি।।

You might also like
Leave A Reply

Your email address will not be published.