আজি ১৩ জানুৱাৰী

▶️১৭০৯ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট প্ৰথম বাহাদুৰ শ্বাহৰ হায়দৰাবাদ দখল।
▶️১৯০৫ চনৰ এই দিনটোতেই সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ জন্ম হৈছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই আইৰিচ ঔপন্যাসিক জেমছ জয়ছৰ মৃত্যু হৈছিল।
▶️১৯৩৭ চনৰ আজিৰ দিনটোতেই সাহিত্যিক ৰংবং তেৰাঙৰ জন্ম হৈছিল। অৱশ্যে মেট্ৰিকৰ চাৰ্টিফিকেট মতে তেওঁৰ জন্ম তাৰিখ ১৯৪৪ চনৰ ৩১ ডিচেম্বৰ।
▶️১৯৪৮ চনৰ এই দিনটোতেই সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে মহাত্মা গান্ধীৰ কলকাতাত অনশন আৰম্ভ হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই এছিয়াৰ দীৰ্ঘতম বান্ধ উৰিষ্যাৰ হীৰাকুঁদ বান্ধ মুকলি।৪,৮০০ মিটাৰ দৈৰ্ঘ্যৰ বান্ধটোৰ উচ্চতা ৬০ মিটাৰ।
▶️১৯৬১ চনৰ এই দিনটোতেই সত্যৱন্ত মালান্না শ্ৰীনাগেশৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৬২ চনৰ ৭ ছেপ্টেম্বৰলৈকে তেওঁ ৰাজ্যপাল পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই কেশৱ চন্দ্ৰ গগৈৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ। এই বছৰৰে ১৯ মাৰ্চলৈকে তেওঁ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই মৈত্ৰী বাহিনীৰ ইৰাকত বোমাবৰ্ষণ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই চীনা প্ৰধানমন্ত্ৰী ঝুং ৰং জিৰ ভাৰত ভ্ৰমণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই এল কে আদৱানিয়ে গুৱাহাটীত মুকলি কৰিছিল ব্ৰহ্মপুত্ৰ বীচ্চ ফেষ্টিভেল।
▶️২০০৭ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰথম টেষ্টটিউব বেবী লুইজ জয় ব্ৰাউনৰ ২৮ বছৰ বয়সত মাতৃত্ব লাভ।।

You might also like
Leave A Reply

Your email address will not be published.