আজি ১২ জানুৱাৰী

▶️আজি স্বামী বিবেকানন্দ জয়ন্তী।
▶️আজি ৰাষ্ট্ৰীয় যুৱ দিৱস।
▶️১৭২৯ চনৰ আজিৰ দিনটোতেই বিশিষ্ট ব্ৰিটিছ ৰাজনীতিবিদ এডমাণ্ড বাৰ্কৰ জন্ম হৈছিল।
▶️১৮৩৪ চনৰ এই দিনটোতেই গুণাভিৰাম বৰুৱাৰ জন্ম হৈছিল।
▶️১৮৬৩ চনৰ আজিৰ দিনটোতেই স্বামী বিবেকানন্দৰ জন্ম হৈছিল।
▶️১৯৩০ চনৰ এই দিনটোতেই ছোভিয়েট ৰাছিয়াৰ ছুজিম ছোভিয়েটৰ প্ৰথম অধিবেশন।
▶️১৯৭২ চনৰ এই দিনটোতেই শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। ১৯৭৫ চনলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭৬ চনৰ এই দিনটোতেই বিশ্ব সাহিত্যৰ ৰহস্য কাহিনীৰ ‘মুকুটবিহীন সম্ৰাজ্ঞী’ ৰূপে অভিহিত আগাথা ক্ৰিষ্টিৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ এই দিনটোতেই পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাক নিষিদ্ধ ঘোষণা।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ইৰাক সীমান্তলৈ ২৭ হেজাৰ মাৰ্কিন সেনা প্ৰেৰণ।
▶️২০০৫ চনৰ এই দিনটোতেই বলিউডৰ প্ৰখ্যাত অভিনেতা অমৰীশ পুৰীৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই কাঞ্চীপুৰম মঠৰ ২৫০০ বছৰীয়া পৰম্পৰা ভংগ কৰি পীঠৰ বাহিৰত শংকৰাচাৰ্যৰ পূজা।
▶️২০০৬ চনৰ এই দিনটোতেই ছৌদি আৰৱৰ মীনাত পদপিষ্ট হৈ ৩৪৫ গৰাকী হজযাত্ৰীৰ মৃত্যু,এহেজাৰৰো অধিক লোক আহত।।

You might also like
Leave A Reply

Your email address will not be published.