RRRৰ ইতিহাস সৃষ্টি। শ্ৰেষ্ঠ মৌলিক গীতত গোল্ডেন গ্ল’ব ২০২৩ সন্মান লাভ। এছ এছ ৰাজামৌলিৰ ব্লকবাষ্টাৰ RRR ছবিখনে মনোনীত হোৱা দুটা শাখাৰ ভিতৰত নাটু নাটুৰ বাবে শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান লাভ । এই শাখাৰ আন মনোনীতসকলৰ ভিতৰত আছে অল কুইট অন দ্য ৱেষ্টাৰ্ণ ফ্ৰণ্ট (জাৰ্মানী), ক্ল’জ (বেলজিয়াম), ডিচিজন টু লিভ, (দক্ষিণ কোৰিয়া)।

গোল্ডেন গ্ল’ব বঁটা প্ৰদান অনুষ্ঠানত RRRক প্ৰতিনিধিত্ব কৰে ছবিখনৰ পৰিচালক আৰু অভিনেতা এছ এছ ৰাজামৌলি, জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণে। ১৯২০ চনৰ ব্ৰিটিছ অধিকৃত ভাৰতত পৰিৱেশিত পিৰিয়ড নাটকখনত জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণে স্বাধীনতা সংগ্ৰামী কোমাৰম ভীম আৰু আল্লুৰী সীতাৰামৰাজুৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত অভিনয় কৰা আন তাৰকাসকল আলিয়া ভাট আৰু অজয় দেৱগনৰ লগতে ব্ৰিটিছ অভিনেতা ৰে ষ্টিভেনছন, এলিছন ডুডি আৰু অলিভিয়া মৰিছ।

বিশ্বজুৰি ১২০০ কোটি টকাৰো অধিক উপাৰ্জন কৰা RRR ছবিখনে ইতিমধ্যে নিউয়ৰ্ক ফিল্ম ক্ৰিটিকছ চাৰ্কল বঁটাত শ্ৰেষ্ঠ পৰিচালককে ধৰি আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.