▶️আজি কলম্বিয়াৰ স্বাধীনতা দিৱস।
▶️১৩০৪ চনৰ আজিৰ দিনটোতেই ইটালীৰ কবি,পণ্ডিত পেট্ৰাৰ্কৰ জন্ম হৈছিল।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম।২০০৩ চনত ‘পদ্মবিভূষণ’ সন্মানৰ লগতে একাধিকবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ।
▶️১৮৯৮ চনৰ আজিৰ দিনটোতেই সংস্কৃত পণ্ডিত আৰু ভাষাতাত্ত্বিক কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল।
▶️১৯০৫ চনৰ এই দিনটোতেই সংসদৰ বংগ বিভাজনত অনুমোদন। এই অনুমোদনৰ পৰিপ্ৰেক্ষিতত ১৬ অক্টোবৰত বংগ বিভাজন হয়।পূব অংশৰ নাম পূৰ্ববংগ আৰু পশ্চিম অংশৰ নাম হয় পশ্চিমবংগ।এই বিভাজন ১৯১১ চনলৈকে বাহাল থাকে।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত পৰ্বতাৰোহী এডমাণ্ড হিলাৰীৰ নিউজিলেণ্ডৰ অকলেণ্ডত জন্ম হৈছিল। টেনজিং নৰ্গেৰ লগত তেওঁ প্ৰথম এভাৰেষ্ট জয় কৰিছিল।
▶️১৯৩৭ চনৰ আজিৰ দিনটোতেই ইটালীৰ পদাৰ্থবিদ, অঁনাতাৰৰ উদ্ভাৱক গুগ্লিয়েলমো মাৰ্কনীৰ মৃত্যু হৈছিল।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই জৰ্ডানৰ ৰজা আব্দুল্লাৰ আততায়ীৰ হাতত মৃত্যু।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ কবি এৰিক এক্সেল কাৰ্লফেল্টৰ জন্ম। তেওঁ ১৯৩১ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। কিন্তু আনুষ্ঠানিকভাবে নোবেল বঁটা গ্ৰহণৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।কোনো মৃত ব্যক্তিক নোবেল বঁটা প্ৰদানৰ কথা আলফ্ৰেড নোবেলে তেওঁৰ উইল বা ইচ্ছাপত্ৰত উল্লেখ কৰি যোৱা নাই যদিও তেওঁ উইলত এটা কথা উল্লেখ কৰি গৈছে যে যদিহে মৃত্যুৰ আগেয়ে সাহিত্যিক গৰাকীয়ে তেওঁৰ নাম বাচনিভূক্ত হোৱা বুলি জানিব পাৰে,তেন্তে তেওঁক বঁটা প্ৰদান কৰিব পৰা যাব। এই বিধি অনুসৰিয়েই কাৰ্লফেল্টক মৰণোত্তৰভাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল।
▶️১৯৬৯ চনৰ এই দিনটোতেই এপলো-১১ নামৰ মহাকাশযানত উঠি মাৰ্কিন মহাকাশযাত্ৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনৰ চন্দ্ৰত অৱতৰণ।
▶️১৯৬৯ চনৰ এই দিনটোতেই মহম্মদ হেদায়েতুল্লাৰ ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২০ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like