আপুনি জানেনে সমগ্ৰ বিশ্বৰ আটাইতকৈ দামী পাচলিবিধ কি?

নিউজ ডেস্ক

ই পাচলিৰ দাম শুনিলে আপুনি আচৰিত হ’ব!

বিশ্বৰ সবাতোকৈ দামী পাচলিবিধৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰতি কিলোত ৮২ হাজাৰ টকা। উল্লেখ্য যে, ইয়াৰ খেতি বিশেষভাৱে ইউৰোপত কৰা হয়। এতিয়া লাহে লাহে বিশ্বৰ আন প্রান্ততো কৰিবলৈ আৰম্ভ কৰা হৈছে৷ কিছু বছৰৰ আগতে বিহাৰত প্ৰথম বাৰৰ বাবে ইয়াৰ খেতি আৰম্ভ কৰা হৈছে।

বিহাৰৰ ঔৰঙ্গাবাদ জিলাৰ নাভিনগৰ খণ্ডৰ অন্তৰ্গত কৰমদিহ গাওঁৰ ৩৮ বছৰীয়া অমৰেশ সিঙেই বিশ্বৰ আটাইতকৈ দামী পাচলি ‘হপ-শ্বুট’ৰ খেতি আৰম্ভ কৰা প্ৰথমজন ভাৰতৰ ব্যক্তি ।

আন্তৰ্জাতিক বজাৰত ‘হপ-শ্বুট(বৈজ্ঞানিক নাম-হুমুলাছ-লুপুলাস)’ ছয় বছৰ আগতে এক কেজি ১০০০ পাউণ্ডত বিক্ৰী কৰা হৈছিল, যি ভাৰতীয় মূল্যত প্ৰায় ১ লাখ টকা।

এই পাচলিৰ বিশেষত্ব বহুতো আছে। এই পাচলিৰে তৈয়াৰ কৰা ঔষধে যক্ষ্মা (Tuberculosis) ৰোগৰ চিকিৎসাত বিশেষ প্ৰভাৱ পেলোৱা দেখা যায়।

ইয়াৰ ফুলক হপ-কোন বা ষ্ট্ৰোবাইল বুলি কোৱা হয়, যি বিয়েৰ তৈয়াৰ কৰাত এক মুখ্য ভূমিকা পালন কৰে। বাকী ডালবোৰ খাদ্য আৰু ঔষধৰ বাবে ব্যৱহাৰ কৰা হয়।

ঔষধি উদ্ভিদ হিচাপে “হপ-শ্বুট” ৰ ব্যৱহাৰ ইউৰোপীয় দেশবোৰতো অতি জনপ্ৰিয়। ইয়াক ছাল উজ্জ্বল কৰাৰ বাবে ব্যৱহাৰ কৰা হয়,কিয়নো এই পাচলি এণ্টিঅক্সিডেণ্টৰ প্রচুৰ পৰিমানেৰে সমৃদ্ধ।
“হপ-শ্বুট” ১১ শতিকাৰ আৰম্ভণিতে আৱিষ্কাৰ কৰা হৈছিল আৰু বিয়েৰত সুগন্ধিবর্দ্ধক হিচাপে ব্যৱহাৰ কৰা হৈছিল।তাৰ পিছত ভেষজ ঔষধত আৰু ক্ৰমান্বয়ে পাচলি হিচাপে ব্যৱহাৰ কৰা হয়।

শ্বুটবোৰত হুমুলুন (humulones) আৰু লুপুলন (lupulones) নামৰ এটা এচিড থাকে, যি মানৱ শৰীৰত কৰ্কট কোষৰ বৃদ্ধিত বাধা প্রদান কৰে৷ ঔষধ হিচাপে পাচন প্ৰণালী উন্নত কৰাৰৰ লগতে হতাশা থকা লোকসকলৰ ক্ষেত্ৰত আশানুৰূপ প্ৰভাৱ পেলায়।ই এক এনাৰজেটিক খাদ্য আৰু অনিদ্ৰাও আঁতৰ কৰাও সহায়ক।
হপ-শ্বুটৰ খেতি মুলতঃ ব্ৰিটেইন, জাৰ্মানী আৰু অন্যান্য ইউৰোপীয় দেশত পোৱা যায়।

এই খেতি ভাৰতত ভালকৈ কৰিব পাৰিলে অৰ্থনৈতিক ভাৱে খেতিয়ক সকল সৱল হোৱাত যথেষ্ট সহায়ক হ’ব বুলি আশা কৰিব পাৰি।।

You might also like
Leave A Reply

Your email address will not be published.