আজি ১৯ জুলাই

▶️১২৯৬ চনৰ এই দিনটোতেই আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসন অধিকাৰ।
▶️১৮৯৯ চনৰ আজিৰ দিনটোতেই বাংলা সাহিত্যৰ যশস্বী লেখক বলাইচান্দ মুখোপাধ্যায়ৰ (বনফুল নামে খ্যাত) জন্ম।
▶️১৯১৮ চনৰ আজিৰ দিনটোতেই ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ দমনৰ উপায় অৱলম্বনৰ অৰ্থে ন্যায়াধীশ এছ এ টি ৰাওলাটৰ অধ্যক্ষতাত গঠিত ৰাওলাট সমিতিৰ প্ৰতিবেদন দাখিল।
▶️১৯৫২ চনৰ আজিৰ দিনটোতেই ফিনলেণ্ডৰ ৰাজধানী হেলছিংকিত পঞ্চদশ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯৬৯ চনৰ এই দিনটোতেই ভাৰতৰ ১৪টা বানিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ সৈন্যৰ হাতত কটোৱাৰ যুদ্ধত বংগৰ নবাব মীৰকাছিম পৰাজিত।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ ৰাজধানী মস্কোত দ্বাবিংশতম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯৯৬ চনৰ এই দিনটোতেই আমেৰিকাৰ আটলান্টাত ষষ্ঠবিংশতম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ। এই অলিম্পিকতে ভাৰতৰ লিয়েণ্ডাৰ পেজে লাভ কৰিছিল টেনিছত ব্ৰঞ্জৰ পদক।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ইউৰোপৰ সৰ্ববৃহৎ আগ্নেয়গিৰি মাউন্ট এটনাৰ উদগীৰণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আদালতক ভুল পথে পৰিচালনা কৰাৰ অপৰাধত ঔপন্যাসিক জেফ্ৰি আৰ্ছাৰক জৰিমনাসহ চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ, বিধানসভা ভংগ।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই সমৰ কলাবিদ ব্ৰুছ লীৰ মৃত্যু।জিট-কানে-ডো শৈলীৰ সমৰ কলাৰ উদ্ভাৱক ব্ৰুছ লী কুৰি শতিকাৰ এক কিংবদন্তি।।

You might also like
Leave A Reply

Your email address will not be published.