অকলেণ্ডত ফিফা মহিলা বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলৰ কেইঘণ্টামান পূৰ্বে ভয়ংকৰ ঘটনা!

অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাৰ ফলত কমেও দুজন লোক নিহত হোৱাৰ বিপৰীতে আহত ছয়জনকৈ লোক

ইণ্টাৰনেচনেল ডেস্ক:

কলেণ্ডত ফিফা মহিলা বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলৰ কেইঘণ্টামান পূৰ্বে সংঘটিত হয় ভয়ংকৰ ঘটনা। নিউজিলেণ্ডৰ অকলেণ্ডত এজন অচিনাক্ত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীচালনাৰ ফলত কমেও দুজন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ছয়জনকৈ লোক। মহিলা ফিফা বিশ্বকাপৰ উদ্বোধনী খেলৰ মাত্ৰ ১২ ঘণ্টাৰ পূৰ্বে সংঘটিত হয় এই ঘটনা।

খবৰ মতে, স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় ঘটনাটো। চহৰখনৰ মূল ৰে’ল ষ্টেচন আৰু ফেৰী টাৰ্মিনেলৰ ওচৰৰ ল’ৱাৰ কুইন ষ্ট্ৰীটৰ নিৰ্মাণৰত স্থানত প্ৰৱেশ কৰি বন্দুকধাৰীয়ে আৰম্ভ কৰে এই গুলীচালনা । ইফালে বন্দুকধাৰী দুৰ্বৃত্তটোকো হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.