তুলসীৰ গছ আমাৰ প্ৰত্যকৰে ঘৰত থকাটো কিমান প্ৰয়োজন জানেনে?

নিউজ ডেস্ক

কিন্তু তুলসী গছক লৈ কৰা কিছু ভুলে আপোনাৰ জীৱন কৰিব পাৰে দুৰ্বিসহ।

তুলসী গছ ঘৰৰ সন্মুখত ৰাখিলে ঘৰখনৰ পৰিৱেশে অন্য এক ৰূপ লয়। তুলসী গছে আমাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব পাৰে। তাৰ বিপৰীতে তুলসী গছক লৈ কৰা কিছু ভুলে মানুহৰ জীৱন দুৰ্বিসহও কৰি তুলিব পাৰে। সেইবাবে তুলসী গছক লৈ বহু বিশ্বাস আৰু ধৰ্মীয় তথ্য আছে। সনাতন ধৰ্মত বহু গছক দেৱতাৰ দৰে পূজা কৰা হয়। এই উদ্ভিদবোৰৰ অপৰিসীম শুভ শক্তি আছে বুলি বহুলভাৱে বিশ্বাস কৰা হয়। তাৰ ভিতৰত এবিধ উদ্ভিদ হ’ল তুলসী । এই গছজোপাক মাতৃ লক্ষ্মীৰ এক ৰূপ বুলিও গণ্য কৰা হয়। তুলসী গছত দেৱী লক্ষ্মী বাস কৰে বুলি এক লোকবিশ্বাস আছে। সেইবাবেই প্ৰতিদিনে তুলসী গছক পূজা কৰি তুলসী গছৰ গুৰিত পানী দিয়াৰ প্ৰথা আছে। তুলসী গছ থকা ঘৰত শুভ শক্তি প্ৰবাহিত হয়। সেইবাবেই নিয়মীয়াকৈ তুলসী গছত পূজা কৰিলে সেই ঘৰত কেতিয়াও দুৰ্ভাগ্য আৰু দুৰ্দশাই প্ৰৱেশ কৰিব নোৱাৰে। তুলসী গছ নাৰায়ণৰো বহু প্ৰিয়। সেইবাবেই শ্ৰীহৰিৰ পূজাত তুলসী পাত আগবঢ়াব লাগে। তুলসী পাত নিদিয়াকৈ নাৰায়ণে ভোগ গ্ৰহণ নকৰে। এই নিয়ম নামানিলে আপুনি ভগৱান বিষ্ণুৰ ক্ৰোধৰ পাত্ৰ হব পাৰে।

দুৰ্ভাগ্যৰ পৰা হাত সাৰিবলৈ তুলসী গছৰ কিছু নিয়ম মানিব লাগে, ধৰ্মীয় দৃষ্টিকোণৰ পৰা তুলসী গছৰ বিশেষ গুৰুত্ব আছে। ঘৰত থকা এবিধ তুলসী গছে ধনাত্মক শক্তি বিকিৰণ কৰে। গতিকে নিয়মিতভাৱে তুলসী গছক পূজা কৰি প্ৰতিদিনে সন্ধিয়া তুলসী গছৰ গুৰিত ঘিউৰ চাকি জ্বলোৱা হয়। ফলত আপোনাৰ ঘৰত চিৰদিনৰ বাবে সুখ আৰু সমৃদ্ধি থাকিব। অমাৱস্যা, দ্বাদশী আৰু চতুৰ্দশী তিথিত কেতিয়াও তুলসীৰ পাত ছিঙিব নালাগে। শাস্ত্ৰ মতে দেওবাৰে কেতিয়াও তুলসী পাত চিঙিব নালাগে। দেওবাৰে যদি তুলসী পাত লাগে তেন্তে আগদিনাই চিঙি ৰাখক। দেওবাৰে আপোনাৰ ঘৰত থকা তুলসীৰ গছজোপাত পানীও দিব নালাগে বুলি এক প্ৰথা আছে। ঘৰত ৰখা তুলসী গছজোপা শুকাই গ’লে তৎক্ষণাত তাৰ পৰা আঁতৰাই দিব লাগে।
তাৰ সমান্তৰালকৈ তুলসী গছৰ বহু ঔষধি গুণাগুণো আছে। কাহ চৰ্দি হলে তুলসী পাতৰ ৰস উলিয়াই তাৰ সৈতে মৌ মিহলাই খালে উপসম পোৱা যায়। ঠিক একেদৰে চাহত কেইটামান তুলসী পাত দি যদি চাহ খাই তেতিয়াও স্বাস্থ্যৰ বাবে ভাল হয়। প্ৰতিদিনে ৰাতিপুৱাই দুটা বা তিনিটাকৈ তুলসীৰ পাত খালে বহু বেমাৰৰ পৰা উপশম পোৱা যাব।।

You might also like
Leave A Reply

Your email address will not be published.