আৰক্ষীৰ জালত মণিপুৰৰ মহিলাক নগ্ন কৰা মূল অভিযুক্ত!

যৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পেছি আৱাং লিকায় নামৰ ৩২ বছৰীয়া পাষণ্ডটোক

নিউজ ডেস্ক:

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। ভাইৰেল হোৱা ভিডিঅ’টোৰ সহায়ত যৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পেছি আৱাং লিকায় নামৰ ৩২ বছৰীয়া পাষণ্ডটোক। আৰক্ষীয়ে সদৰি কৰিলে এই তথ্য। ৪ মে’ত কাংকপি জিলাৰ ৰাজপথত দুগৰাকী কুকি-জ’ মহিলাক উলংগ কৰি উলিওৱা হৈছিল সমদল। উক্ত ঘটনাত দলৱদ্ধ ধৰ্ষণৰো বলি হৈছিল কুকি সম্প্ৰদায়ৰ মহিলা দুগৰাকী। বুধবাৰে পোহৰলৈ আহে মণিপুৰৰ মহিলা দুগৰাকীক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। মূহুৰ্ততে সামাজিক মাধ্যমযোগে বিয়পি পৰিছিল এই জঘণ্য ঘটনাৰ দৃশ্য। মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে সংঘটিত কৰিছিল জঘন্য কাণ্ডটো। ঘটনাতো পোহৰলৈ অহাৰ এদিনৰ পিচতে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰে জড়িত চাৰি শতাধিক লোকক আটক কৰিছে মণিপুৰ আৰক্ষীয়ে। বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে আটক কৰিছে লোক সকলক। পাহাৰ-ভৈয়াম উভয়তে স্থাপন কৰিছে ১২৬ টাকৈ তালাচি চকী। টুইটযোগে এই তথ্য সদৰি কৰিলে মণিপুৰ আৰক্ষীয়ে। এই ঘটনাৰ দোষীক মৃত্যুদণ্ড পৰ্যন্ত শাস্তিৰ পোষকতা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ।।

You might also like
Leave A Reply

Your email address will not be published.