আজি ২১ অক্টোবৰ

▶️১২৯৬ চনৰ এই দিনটোতেই আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ।
▶️১৭৭২ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমান্টিক কবি ছেমুৱেল টেলৰ ক’লৰিজৰ জন্ম হৈছিল।
▶️১৮০৫ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ’ নেলছনৰ নেতৃত্বত বৃটিছ বাহিনীৰ জয়লাভ। যুদ্ধত গুৰুতৰভাৱে আহত নেলছনৰ যুদ্ধ সামৰণি পৰাৰ কেইঘন্টামানৰ পিছতে মৃত্যু ঘটিছিল।
▶️১৮৩৩ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ বিজ্ঞানী,ডিনামাইটৰ আৱিষ্কাৰক আলফ্ৰেড নোবেলৰ জন্ম হৈছিল।
▶️১৯৩৪ চনৰ আজিৰ দিনটোতেই জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ চ’ছিয়েলিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠা।
▶️১৯৩৪ চনৰ এই দিনটোতেই মাও-চে-তুঙৰ বিখ্যাত ‘লং মাৰ্চ’ আৰম্ভ।
▶️১৯৪৩ চনৰ আজিৰ দিনটোতেই ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰ গঠনৰ কথা ঘোষণা।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ টেলেংগানা আন্দোলন প্ৰত্যাহাৰ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলেৰে কপিলদেৱৰ বিশ্ব অভিলেখ। শ্বাৰজাহত ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ মাজত হোৱা খেলত কপিলদেৱৰ এই অভিলেখ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই হিন্দী চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেতা অজিতৰ ৭৬ বছৰ বয়সত মৃত্যু।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ দাদা চাহেব ফাল্কে বঁটা।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই বিশ্ব জুনিয়ৰ হকীত ভাৰত চেম্পিয়ন।।

You might also like
Leave A Reply

Your email address will not be published.