▶️আজি বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৬৫৮ চনৰ আজিৰ দিনটোতেই পিতৃ শ্বাহজাহানক আগ্ৰা দূৰ্গত বন্দী কৰি আনুষ্ঠানিকভাৱে ঔৰংগজেৱৰ দিল্লীৰ ৰাজপাটত আৰোহণ।
▶️১৮৩১ চনৰ আজিৰ দিনটোতেই এখন সুকীয়া ৰাষ্ট্ৰৰূপে বেলজিয়ামৰ গঠন।
▶️১৮৮৩ চনৰ এই দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথম ৰংগমঞ্চ ‘ষ্টাৰ থিয়েটাৰ’ মুকলি।
▶️১৮৯৯ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হৈছিল। ‘দি অ’ল্ড মেন এণ্ড দা ছী’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস। মূলতঃ এইখন উপন্যাসৰ বাবেই তেওঁ ১৯৫৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু।
▶️১৯৫৪ চনৰ এই দিনটোতেই পৰ্তুগীজৰ হাতৰ পৰা দাদৰা মুক্ত।
▶️১৯৬১ চনৰ এই দিনটোতেই মহাকাশত মানুহৰ বিচৰণ সম্ভৱপৰ কৰি তোলাৰ অৰ্থে মাৰ্কিন মহাকাশযান ‘মাৰ্কাৰী লিবাৰ্টি বেল’ মহাকাশলৈ উৎক্ষেপণ।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই ১৯২১ চনতে প্ৰতিষ্ঠা কৰা কাঁশী বিদ্যাপীঠক বিশ্ববিদ্যালয়লৈ উন্নীত।
▶️১৯৮৯ চনৰ এই দিনটোতেই আনিছেট্টী ৰঘুবীৰৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৯০ চনৰ ২ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫ জনক গুলীয়াই হত্যা।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই সংসদৰ ৩৩ দিনজোৰা বৰ্ষাকালীন অধিবেশন আৰম্ভ।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে প্ৰতিভা পাটিল নিৰ্বাচিত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২১ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like