আজি ২১ নৱেম্বৰ

▶️১৬৯৪ চনৰ এই দিনটোতেই ফৰাচী সাহিত্যিক, দাৰ্শনিক ভল্টেয়াৰৰ জন্ম হৈছিল।
▶️১৭৮৫ চনৰ আজিৰ দিনটোতেই মাৰ্কিন শল্যবিদ তথা মানৱ দেহৰ পাচন ক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম বোমান্টৰ জন্ম হৈছিল।
▶️১৮৯৭ চনৰ এই দিনটোতেই সাহিত্যিক নিৰোদ চৌধুৰীৰ জন্ম হৈছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই প্ৰিন্স অব ৱেলছ(পিছলৈ ৰজা অষ্টম এডৱাৰ্ড)ৰ ভাৰতৰ মুম্বাইত অৱতৰণ। ইয়াৰ প্ৰতিবাদত কংগ্ৰেছৰ দেশজুৰী হৰতাল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই মীৰাটত কংগ্ৰেছৰ চাৰিদিনীয়াকৈ ৫৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ। এই অধিৱেশনত সভাপতিত্ব কৰিছিল আচাৰ্য জে বি কৃপালিনীয়ে।
▶️১৯৪৭ চনৰ এই দিনটোতেই স্বাধীন ভাৰতত প্ৰথম ডাকটিকটৰ প্ৰচলন। সেই সময়ত এটা ডাকটিকটৰ মূল্য আছিল চাৰে তিনি অনা।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই ভাৰত আক্ৰমণ কৰা চীনা সৈন্যৰ চীনলৈ ওভতনি যাত্ৰা।ইয়াৰ পূৰ্বে এই বছৰৰে ২০ অক্টোবৰত চীনে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আক্ৰমণ কৰে।ভাৰতৰ পক্ষে এই আক্ৰমণ প্ৰতিহত কৰা কঠিন হৈ পৰে।পিছত চীনে যুদ্ধবিৰতি ঘোষণা কৰে আৰু এই দিনটোতেই চীনা সৈন্য উভতি যায়।
▶️১৯৬৩ চনৰ এই দিনটোতেই ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা। থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰথম ৰকেট উৎক্ষেপণ।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই নোবেল জয়ী পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ মৃত্যু হৈছিল।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই গল্পকাৰ ৰমা দাশৰ মৃত্যু হৈছিল।
▶️১৯৮৬ চনৰ এই দিনটোতেই ভাৰতৰ ‘ইন্দিৰা বিকাশ পত্ৰ’ৰ প্ৰচলন।
▶️২০০৪ চনৰ এই দিনটোতেই দিছপুৰত অসমৰ স্থায়ী ৰাজধানী উদ্বোধন।।

You might also like
Leave A Reply

Your email address will not be published.