দেওবাৰে কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত লস্কৰ-ই-তৈবাৰ এটা হাইব্ৰিড সন্ত্ৰাসবাদী। নিহত হাইব্ৰিড সন্ত্ৰাসবাদীটো কুলগামৰ ছাজ্জাদ তান্ত্ৰে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খৱৰ মতে, দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰাৰ চেকী দুডু অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে কৰ্ডন আৰু তালাচী অভিযান আৰম্ভ কৰে। আত্মগোপন স্থানত উপস্থিত হোৱাৰ সময়তে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাত আত্মগোপন স্থানৰ চিনাক্তকৰণৰ বাবে নিৰাপত্তা দলটোৰ সৈতে থকা ছাজ্জাদ তান্ত্ৰে নামৰ হাইব্ৰিড সন্ত্ৰাসবাদীটো আঘাতপ্ৰাপ্ত হয়। ততাতৈয়াকৈ আহত সন্ত্ৰাসবাদীটোক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.