➡️১৫২৪ চনৰ ২৫ ছেপ্টেম্বৰত পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো ডা-গামাই তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমন কৰিছিল।
➡️১৮৯৭ চনৰ আজিৰ দিনটোতে মাৰ্কিন ঔপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হৈছিল।
➡️পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত হৈছিল ১৯৭৪ চনৰ ২৫ ছেপ্টেম্বৰত।
➡️১৯৭০ চনৰ ২৫ ছেপ্টেম্বৰত মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হৈছিল।তেওঁৰ ‘অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ন ফ্ৰণ্ট’ (১৯২৯) এখন বিশ্ববিখ্যাত উপন্যাস। প্ৰথম মহাসমৰৰ পটভূমিত লিখা সম্ভৱতঃ এইখন সৰ্বশ্ৰেষ্ঠ আলেখ্য।
➡️১৮৬৬ চনৰ আজিৰ দিনটোতে মাৰ্কিন জীৱবিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হৈছিল। তেওঁ ১৯৩৩ চনত চিকিৎসা বিজ্ঞানত ন’বেল বঁটা লাভ কৰিছিল।।
