নেচনেল ডেস্ক:

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। শনিবাৰে দুজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই আহত কৰে সন্ত্ৰাসবাদীয়ে।পুলৱামাৰ খাৰপোৰা ৰত্নিপোৰাত সংঘটিত হয় এই ঘটনাটো।এই খৱৰ টুইট যোগে সদৰি কৰিছে কাশ্মীৰ আৰক্ষীয়ে। গুলীচালনাত আহত দুই শ্ৰমিক বিহাৰৰ বত্য জিলাৰ বাসিন্দা চামছাদ আৰু ফৈজান কাছৰি বুলি জানিব পৰা গৈছে। আহত দুই শ্ৰমিকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.