আজি ২৯ নৱেম্বৰ

▶️১৯৮৯ চনৰ এই দিনটোতেই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা ৰাজীৱ গান্ধীৰ পদত্যাগ।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৬১ চনৰ এই দিনটোতেই মাৰ্কিন মহাকাশ যানেৰে চিম্পাঞ্জী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰদক্ষিণ। মহাকাশ-বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
▶️১৯৮৮ চনৰ এই দিনটোতেই বাংলাদেশত প্ৰচণ্ড ঘূৰ্ণীত সহস্ৰাধিক লোক নিহত হোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ ‘নাগ’ৰ সফল উৎক্ষেপণ।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ অপসাৰণেৰে ৰাষ্ট্ৰীয় মৰ্চাৰ চৰকাৰ গঠনৰ উদ্যোগ।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ। আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক।
▶️১৯৪৫ চনৰ এই দিনটোতেই যুগোশ্লাভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই নেপালৰ কমিউনিষ্ট পাৰ্টিৰ নেতা মনমোহন অধিকাৰী দেশখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।
▶️১৯৮৬ চনৰ এই দিনটোতেই সমাজবাদী কংগ্ৰেছৰ নেতা শাৰদ পাৱাৰৰ কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই নতুন শিল্প আৰু অৰ্থনৈতিক নীতিৰ প্ৰতিবাদত দেশজুৰি শিল্পোদ্যোগ আৰু বেংকত ধৰ্মঘট।
▶️২০০২ চনৰ এই দিনটোতেই বিশিষ্ট শিল্পী ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হৈছিল।
▶️২০১১ চনৰ আজিৰ দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ডঃ মামণি ৰয়ছম গোস্বামীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.