আজি ২৮ নৱেম্বৰ

▶️১৮২০ চনৰ আজিৰ দিনটোতেই বিজ্ঞানী,সমাজবাদ তত্ত্বৰ অন্যতম প্ৰতিষ্ঠাপক ফ্ৰেডেৰিক এঞ্জেলছৰ জন্ম হৈছিল।
▶️১৯১৫ চনৰ এই দিনটোতেই অষ্ট্ৰিয়া আৰু বুলগেৰিয়াৰ ছাৰ্বিয়া অধিকাৰ।
▶️১৯১৬ চনৰ এই দিনটোতেই অষ্ট্ৰিয়া হাংগেৰীৰ সম্ৰাট ফ্ৰাঞ্জ যোচেফৰ মৃত্যু হৈছিল।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই ইটালীৰ নিউক্লীয় পদাৰ্থ বিজ্ঞানী এনৰিকো ফাৰ্মিৰ মৃত্যু হৈছিল। ১৯৩৮ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই পশ্চিম আফ্ৰিকাৰ দেশ মাৰিটানিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।
▶️১৯৯০ চনৰ এই দিনটোতেই অসমত ৰাষ্ট্ৰপতি শাসন। আলফা আৰু NSCNক নিষিদ্ধ ঘোষণা।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই অসম সাহিত্য সভাৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতিৰূপে নিৰ্বাচিত হৈছিল চন্দ্ৰপ্ৰসাদ শইকীয়া।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই দিল্লী,ৰাজস্থান,মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপুল জয়লাভ। মিজোৰামত ক্ষমতা দখল নেচনেল ফ্ৰন্ট আৰু মিজোৰাম পিপুলছ কনফাৰেঞ্চৰ মিত্ৰজোঁটৰ।
▶️২০০৪ চনৰ এই দিনটোতেই দুবছৰীয়া কাৰ্যকালৰ বাবে কনকসেন ডেকা অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়।।

You might also like
Leave A Reply

Your email address will not be published.