আজি ২৭ নৱেম্বৰ

▶️১০০১ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ গজনীৰ চুলতান মামুদৰ প্ৰথম ভাৰত আক্ৰমণ। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু আত্মজাহ। চুলতান মামুদৰ চতুৰ্দশ তথা অন্তিম অভিযান হয় ১০২৬ চনত।
▶️১৭০১ চনৰ এই দিনটোতেই ছুইডেনৰ জ্যোতিৰ্বিদ,উচ্চতাৰ চেলচিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলচিয়াছৰ জন্ম হৈছিল।
▶️১৮৯৫ চনৰ এই দিনটোতেই আলফ্ৰেড নোবেলৰ উইল ৰচনা।এই উইলৰ জৰিয়তে নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰিছিল।
▶️১৯০৭ চনৰ এই দিনটোতেই প্ৰসিদ্ধ হিন্দী কবি হৰিবংশ ৰায় বচ্চনৰ জন্ম হৈছিল।
▶️১৯৪০ চনৰ এই দিনটোতেই বিশ্ব কিংবদন্তি সমৰ কলাবিদ, প্ৰশিক্ষক,অভিনেতা ব্ৰুচ লীৰ জন্ম হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই শিল্পী বেণু মিশ্ৰৰ জন্ম হৈছিল।
▶️১৯৪১ চনৰ এই দিনটোতেই কবি ভৱেন বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই নোবেল বঁটা বিজয়ী মাৰ্কিন নাট্যকাৰ ইউজিন অ’ নীলৰ মৃত্যু হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই জন মেজৰ ব্ৰিটেইনৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ঘনকান্ত বৰবায়ন আৰু গিৰীশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত শিৱপ্ৰসাদ বৰুৱাক ‘কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান।।

 

You might also like
Leave A Reply

Your email address will not be published.