আজি ২৬ নৱেম্বৰ

▶️আজি আইন দিৱস।
▶️১৯৪৯ চনৰ এই দিনটোতেই ভাৰতৰ সংবিধানৰ চূড়ান্ত ৰূপ। ইয়াৰ পূৰ্বে ১৯৪৭ চনৰ ২৯ আগষ্টত বি আৰ আম্বেদকাৰক অধ্যক্ষ ৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হৈছিল। ১৯৪৮ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত এই সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৪৯ চনৰ এই দিনটোতেই সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয়।গণ পৰিষদৰ দ্বাৰা ভাৰতৰ সংবিধান অনুমোদিত।
▶️১৯৬০ চনৰ এই দিনটোতেই কাণপুৰ আৰু লক্ষ্ণৌৰ মাজত ভাৰতৰ প্ৰথম STD সেৱা মুকলি।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই অসমৰ বিভিন্ন ঠাইত পাইপলাইন বিস্ফোৰণ হৈ কেইবা লাখ টকাৰ ক্ষতি।
▶️২০০১ চনৰ আজিৰ দিনটোতেই তালিবানৰ অন্যতম ঘাটি কুন্দুৰ চহৰ নৰ্দাৰ্ন এলায়েঞ্চে দখল কৰিছিল।
▶️১৮৯০ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত শিক্ষাবিদ তথা জাতীয় অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই পঞ্জাৱত ভয়াবহ ৰে’ল দুৰ্ঘটনাত ২০০ যাত্ৰী নিহত। শিয়ালদাহমুখী জম্মু-টাৱাই এক্সপ্ৰেছখন অমৃতসৰগামী ফ্ৰন্টিয়াৰ গ’ল্ডেন টেম্পল মেইলৰ লাইনচ্যুত তিনিটা দবাত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা ঘটে।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই লেবাননৰ স্বাধীনতা লাভ।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই শিল্পী ৰূদ্ৰ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সাংসদৰ ভোটবিৰোধী মঞ্চ গঠন।
▶️২০০৩ চনৰ এই দিনটোতেই আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অষ্ট্ৰেলিয়াৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক ষ্টিভ ৱ’ৰ অৱসৰ ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.