আজি ৩০ নৱেম্বৰ

▶️১৬৬৭ চনৰ এই দিনটোতেই ইংৰাজ ব্যংগ লেখক জনাথন ছুইফটৰ জন্ম হৈছিল।
▶️১৮৫৮ চনৰ এই দিনটোতেই ভাৰতীয় উদ্ভিদ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম হৈছিল।
▶️১৮৭৪ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ছাৰ উইনষ্টন চাৰ্চিল(সম্পূৰ্ণ নাম উইনষ্টন লিঅ’নাৰ্ড স্পেন্সাৰ চাৰ্চিল)ৰ জন্ম হৈছিল।
▶️১৯৬৬ চনৰ এই দিনটোতেই বাৰবাডোজৰ স্বাধীনতা লাভ।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই সাহিত্যিক জ্ঞাননাথ বৰাৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই অটল বিহাৰী বাজপেয়ী বিজেপি সংসদীয় দলৰ নেতা নিৰ্বাচিত হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই ১১৩ খন আসন লাভ কৰি লোকসভাৰ একক বৃহত্তম দল ৰূপে পৰিগণিত হৈছিল কংগ্ৰেছ।
▶️১৯৯০ চনৰ এই দিনটোতেই এডমিৰেল লক্ষ্মীনাৰায়ণ ৰামদাস ভাৰতীয় নৌ সেনাধ্যক্ষ পদত নিয়োজিত হৈছিল। ১৯৯৩ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনক সাক্ষাৎ কৰি বিজেপি আৰু সহযোগী দলসমূহৰ চৰকাৰ গঠনৰ দাবী।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই সংসদৰ শীতকালিন অধিবেশন আৰম্ভ হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই ভাৰতীয় সুন্দৰী প্ৰিয়ংকা চোপ্ৰাৰ মিছ ৱৰ্ল্ড খিতাপ অৰ্জন। ২০০১ চনত তামিল ছবি ‘থামিজহান’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা প্ৰিয়ংকা চোপ্ৰা বৰ্তমানে বলিউডৰ প্ৰসিদ্ধ অভিনেত্ৰী।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই কংগোত শোকাৱহ বিমান দুৰ্ঘটনাত ২২ গৰাকী যাত্ৰী নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.