▶️আজি বিশ্ব ধূমপান বিৰোধী দিৱস।
▶️১৮৯৩ চনৰ আজিৰ দিনটোতেই চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সন্মিলনত যোগদানৰ অৰ্থে স্বামী বিবেকানন্দৰ আমেৰিকা যাত্ৰা।
▶️১৯০২ চনৰ এই দিনটোতেই ভিৰিনাইজিং চুক্তি।বোৱেৰ যুদ্ধৰ সামৰণি।
▶️১৯১৬ চনৰ এই দিনটোতেই জুটলেণ্ডৰ যুদ্ধ আৰম্ভ। প্ৰথম মহাসমৰৰ মাজতে ব্ৰিটিছ আৰু জাৰ্মানৰ মাজত এক চমু অথচ ভয়ংকৰ নৌ যুদ্ধ সংঘটিত হয়।ডেনমাৰ্কৰ উপকূলৱৰ্তী জুটলেণ্ডত সংঘটিত হোৱা বাবে এই যুদ্ধ ইতিহাসত জুটলেণ্ডৰ যুদ্ধ নামে পৰিচিত।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই জাৰ্মানীত লাখ লাখ ইহুদি হত্যাৰ অন্যতম পৰামৰ্শদাতা, জাৰ্মান সন্ত্ৰাসবাদী সমিতিৰ সক্ৰীয় নেতা আডলফ আইকমেনক ইজৰাইলৰ তেল আভিভত ফাঁচী।ইয়াৰ আগতে তেওঁক আন্তঃৰাষ্ট্ৰীয় আদালতে যুদ্ধ অপৰাধীৰূপে ৰায় দিছিল।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাৰ মেজৰ প্ৰেমচান্দ আৰু নায়ক নিমা দৰ্জী শ্বেৰ্পাৰ কাঞ্চনজংঘা শৃংগত আৰোহণ। ভাৰতীয় সেনাৰ এয়াই আছিল প্ৰথম কাঞ্চনজংঘা বিজয়।
▶️১৮৮১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা ৰোহিনী-১ সহ SLV-3ৰ প্ৰথম পূৰ্ণাংগ উৎক্ষেপণ।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই পাৰমাণৱিক অস্ত্ৰ সীমিতকৰণ চুক্তিৰ উদ্দেশ্যে ৱাশ্বিংটনত তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব আৰু ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভৰ মাজত শীৰ্ষ বৈঠক আৰম্ভ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩১ মে’
Next Post
You might also like