আজি ৬ অক্টোবৰ

➡️১৮৬০ চনৰ আজিৰ দিনটোতে ভাৰতীয় দণ্ডবিধি আইনত পৰিণত হৈছিল । ১৮৬২ চনৰ ১ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হৈছিল।
➡️১৮৯২ চনৰ ৬ অক্টোবৰত খ্যাতিমান ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছনৰ মৃত্যু হৈছিল ।
➡️খ্যাতনামা পদাৰ্থ-বিজ্ঞানী মেঘনাদ সাহাৰ জন্ম হৈছিল ১৮৯৩ চনৰ ৬ অক্টোবৰত।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে নৰৱেৰ পৰিব্ৰাজক থৰ হেয়াৰডেলৰ জন্ম হৈছিল।
‘কনটিকি অভিযান’ নামেৰে বিখ্যাত এক অভিযানত তেওঁ বালছা গছৰ কাঠৰ ভূঁৰত প্ৰশান্ত মহাসাগৰ পাৰ হৈ সমগ্ৰ বিশ্বক চমক দেখুৱাইছিল।
➡️বিশ্বৰ প্ৰথম সবাক ছবি ‘দি জাজ ছিংগাৰ’এ আমেৰিকাত মুক্তি লাভ কৰিছিল ১৯২৭ চনৰ ৬ অক্টোবৰত।
➡️১৯৩৯ চনৰ আজিৰ দিনটোতে অসমত পৰ্বতাৰোহণ বিদ্যাৰ বাটকটীয়া ৰোহিণী কুমাৰ ভূঞাৰ জন্ম হৈছিল ।
➡️১৯৯১ চনৰ ৬ অক্টোবৰত দিন-দুপৰতে দিল্লীৰ ৰাজপথৰ পৰা ৰোমানিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত লিভিউ ৰাদুক অপহৰণ কৰা হৈছিল। ভাৰতত বিদেশী কূটনীতিবিদক অপহৰণৰ ঘটনা এয়ে প্ৰথম আছিল।
➡️অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক অগ্ৰদূত’ৰ গুৱাহাটীৰ পৰা প্ৰথম প্ৰকাশ হৈছিল ১৯৯৫ চনৰ ৬ অক্টোবৰত।সম্পাদক আছিল কনকসেন ডেকা। ২০০০ চনৰ আগষ্ট মাহৰ পৰা কাকতখন একে সময়তে যোৰহাটৰ পৰাও প্ৰকাশ হৈছিল।
➡️১৯৯৭ চনৰ ৬ অক্টোবৰত আমেৰিকা আৰু ইংলেণ্ডৰ যুটীয়া প্ৰচেষ্টাত ‘কেছিনি’ নামৰ মহাকাশযান শনি অভিমুখে উৎক্ষেপণ কৰা হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী মুকুট শৰ্মাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.