জলপাইগুৰিৰ বিজয়া দশমীত শোকাৱহ ঘটনা!

নেচনেল ডেস্ক:

বুধবাৰে নিশা পশ্চিমবংগৰ জলপাইগুৰিৰ বিজয়া দশমীত প্ৰতিমা বিসৰ্জন কৰাৰ সময়ত সংঘটিত হয় এক শোকাৱহ ঘটনা। প্ৰতিমা বিসৰ্জন কৰাৰ সময়ত হোৱা আকস্মিক বানপানীৰ ফলত মাল নৈয়ে উটুৱাই নিয়ে শতাধিক লোকক। ঘটনাটোত মৃত্যু হয় কমেও ৮ গৰাকী লোকৰ। আনহাতে উদ্ধাৰ কৰা হৈছে কমেও ৬০ গৰাকীক। মহিলা সহ ১৫ জনৰো অধিক আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত ভূটানৰ ফালৰ মাল নৈত ফ্লাচ ফ্লাডৰ ফলত হঠাতে নদীখনৰ জলস্তৰ বৃদ্ধি হৈ সংঘটিত হয় এই শোকাৱহ ঘটনাটো।।

You might also like
Leave A Reply

Your email address will not be published.